( ৫ ) 1 মহত আলহী Dono এসময়ত এজন ৰজাই তেওঁৰ মন্ত্ৰীবিলাকৰে সৈতে এখন অতি ডাঠ হাবিত চিকাৰ কৰিবলৈ গৈছিল। অকম্মাতে ৰজাই এটা হৰিণ দেখি তেওঁৰ ঘোৰাই যিমান বেগাই লৰিব পাৰে তাৰ পিছে পিচে লৰিবলৈ ধৰিলে। কেই ঘন্টা মান লৰাৰ পাচত হৰিণাটো ক্লান্ত হৈ মাটিত পৰিল আৰু ৰজাই তাক অনয়াসে তুলি ল'লে। ৰজাই চিকাৰত বৰ সুখী হৈ তেওঁৰ বন্ধু বিলাকৰ লগ ধৰিবৰ কাৰণে বেগাই উলতি আহিল। কিন্তু হাবি খন ইমান ডাঠ আছিল যে, তেওঁ আচল বাট পাহৰি তেওঁলোক থকা ঠাইলৈ নগৈ হাবিৰ মাজেদি বহুদুৰলৈ যাবলৈ ধৰিলে। ৰাতি হ'ল। ৰজাৰ বৰ ভাগৰ লাগিল। তেতিয়া ইমান আন্ধাৰ আছিল যে, তেওঁ আৰু অলপো আগুৰাব নোৱাৰিলে। সেই কাৰণে তেওঁ ঘোৰাৰ পৰা নামি এটা ডাঙ্গৰ শিলৰ ওপৰত বহিল। তেওঁৰ বৰ তোক লাগিল। তেওঁ বনৰীয়া জন্তুৰ কাৰণে বৰ ভয কৰিবলৈ ধৰিলে। থিক এনেসময়তে তেওঁ বহুত দুৰত এটা পোৰ দেখা পালে। লৈকে গল। এইটো এটা কাঠ কটীয়া মানুহৰ ঘৰ। তেওঁ দুৱাৰত খুন্দিয়াবলৈ ধৰিলে। কাঠ কটীয়া মানুহটো খজেৰে উত্তৰ দি ওলাই আহিল। আৰু অলীক বিদ্ৰোপ কৰিবলৈ ধৰিলে। সি তেওঁক ৰজা বুলি নেজানিছিল। ৰজাই যেতিয়া এটুকুৰা ৰুটি আৰু শুবলৈ এড়োখৰ ঠাই খুজিলে, কাঠ কটীয়া মানুহটোৱে এডাল লাঠি লৈ তেওঁক কোবাবলৈ ধৰিলে। ৰজা গুচি গ'ল, কিছু সমযৰ পাচত তেওঁ লগৰীয়া বিলাকক লগ পালে আৰু কাৰলৈ উলতি গ'ল। ৰাতিপুৱা তেওঁ সৈন্য বিলাকক সেই দুষ্ট কাঠ কটীয়া মানুহটোক তেওঁৰ আগলৈ আনিবলৈ পঠালে। যেতিয়া কাঠ কটীয়া মানুহটো উপস্থিত হৈছিল, ৰজাই তেতিয়া ৰাজ পৰিত মন্ত্ৰী আৰু প্ৰধান বিয়া বিলাকৰ দ্বাৰা ঘেৰি থকা সিংহাসনত বহি আছিল। তেওঁ কাঠ কৰা 1 1
পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৪৫
অৱয়ব