পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১২) এজন খ্ৰীষ্টিয়ানে কি জনা উচিত

এজন খ্ৰীষ্টিয়ানে তেওঁৰ সকলো কাম সম্পন্ন কৰিবলৈ, আৰু ভাই ককাইৰ উপকাৰী হবলৈ লিখা পঢ়া শিকা উচিত। ই দেখিবলৈ বৰ বেজাৰ লগা যে নিশ্চেই কমেহে কেনেকৈ লিখিব আৰু পঢ়িব লাগে শিকি বলৈ চেষ্টা কৰে। সিহতে ভাবে কেৱল নগৰৰ মানুহ, চাহাব আৰু বাবু বিলাকেহে লিখা পঢ়া জনা উচিত। ই এটা প্ৰধান ভুল। সকলোৱে কিছু শিকিবলৈ যত্ন কৰা উচিত, যদি সিহতে কোনটে। ভুল আৰু শুদ্ধ জানিব খোজে। আজি কালি বিশেষকৈ লাগতীয়াল জীৱন- যাপন কৰিবলৈ অলপ জ্ঞানৰ বিশেষ দৰকাৰ; যাতে তেওক কোনো দুষ্ট মানুহে হেচিব নোৱাৰে। কিন্তু এজন খ্ৰীষ্টিয়ানে কেনকৈ পঢ়িব লাগে শিকা উচিত; বিশেষকৈ যাতে তেওঁ তেওঁৰ প্ৰাথনা কিতাপ খন বাইবোল খন আৰু আন কিতাপ বিলাক পঢ়িব পাৰে। ইয়াত আমি কেনেকৈ ভাল খ্ৰীষ্টিয়ান হব পাৰি তাকে শিকা উচিত। আমি সৎ আৰু পবিত্ৰ মানুহৰ জীৱনী পাৰ দ্বাৰাই তেওঁলোকৰ আহি লৈ চলিম। আমি আমাৰ প্ৰভু যীচু খ্ৰীষ্ট্ৰৰ শুভ বাৰ্তা পঢ়াৰ দ্বাৰাই তেওঁক বেচিকৈ ভাল পাম। মাইকী বাপেকীয়ে তেওঁ লোকৰ লৰা ছোৱালীক অন্ততঃ তিনি বা চাৰি বছৰৰ কাৰণে স্কুললৈ পঠাবলৈ খুব চেষ্টা কৰা উচিত। বহুতে সিহঁতক গৰু আৰু মহ চৰাবলৈ পঠায়। সিহঁত এই দৰে কিৰকমৰ খ্ৰীষ্টিয়ান হব। কিন্তু উঠি অহা ডেকা মানুহ বিলাকেও শিকিবলৈ চেষ্টা কৰা উচিত। ইয়াক শিকিবলৈ কেতিয়াও খুব দেৰি হোৱা নাই। ই সত্য যে তুমি কেতিয়াও সৰু লৰা ছোৱালীৰ নিচিনাকৈ স্কুললৈ যাব নোৱাৰা। কিন্তু আৰেলি তুমি শিকিবলৈ চেষ্টা কৰাত অলপ সময় খৰছ কৰিব পাৰ। এদিন তুমি ইমান আনন্দিত হবা, যে তুমি পঢ়িব আৰু লিখিবলৈ শিকিল ইভেমাৰণে মোৰ দৈনিক কামত আৰু অল্প ল জ জয় পুৰ সময় হব।