পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিদেশৰ বাতৰি কৰিয়া-জগতৰ আটাইতকৈ ওখ মানুহ জন ইয়াত। তেওঁৰ বয়স উনত্ৰিশ; তেওঁ নফিত ওখ। ৰূচ্ছিয়া--এই মহাদেশত আজিকালিও কাথলিকবিলাক বহুত, তথাপি পুৰোহিতলোকৰ সংখ্যা বিশহে হব পাৰে। শাসনকাবিলাকে পাদ্ৰিবিলাকৰ কামত সকলো মতে বাধা কৰে। দেশত আকাল চলে। গুবাদালুপ -ৱিন্স নামে এজন কাথলিক পুৰোহিতে কুৰোগী বিলাকক ভালেমান দিন শুশষ কৰাৰ পাচত ৰোগ সঞ্চাৰ কৰি চৌষষ্টি বয়সত স্বৰ্গী হল। স্পেন-হেনৰিক মাতৰৰাৰ নামেৰে এজন প্ৰখ্যাত উমৈহতীয়া প্ৰচাৰক অপোন ভুল স্বীকাৰ কৰি কাথলিক মণ্ডলীৰ উপদেশ গ্ৰহণ কৰিলে। এতিয়া তেওঁ পাৰ্ষ্যমানে কাথলিকবিলাকৰ মাজত কাম কৰে। টুনি ইটেলি যোৱ নবেম্বৰ মাহত খ্ৰীষ্টান সকলৰ সদায় মাৰিয়াৰ প্ৰকাণ্ড গীৰ্জাত এক অন্তৰস্পশী বিদায় উৎসৱ পতা হৈছিল। প্ৰায় ২০০ শতকৈও অধিক চেলেচিয়া মিশনাৰি আৰু ১০০ চেলেচিয়ান ‘ চিষ্টাৰে যীচুৰ সুসমাচাৰ পৃথিৱীৰ সকলো ঠাইতে প্ৰচাৰ কৰিবলৈ যাবৰ নিমিত্তে তেওঁলোকৰ পিতা-মাতা আৰু বংশপৰিয়ালৰ পৰা বিদায় ল'লে। তেওঁ লোকে ঈশ্বৰ-প্ৰেম আৰু জীৱৰ মুক্তিৰ কাৰণে তেওঁলোকৰ পৃথিৱীৰ সৰ্বস্ব ত্যাগ কৰিলে। তেওঁলোকৰ ত্ৰিশ জন ভাৰতলৈ আহিছে আৰু অতি সোণকালে তেওঁলোকে তেওঁলোকৰ মহান্ কায্য আৰম্ভ কৰিব।