পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

‘পাদুৱাৰ সাধু এন্টনি।” তুমি পিচৰ পিঠিত যীচু খ্ৰীষ্টক কোলাত লৈ থকা এজন ডেকাপুৰো- হিত দেখা পাবা। তুমি তেওঁৰ মুৰৰ ওপৰত এটা ধুনীয়া পোহৰ আৰু ওচৰত থকা মেজ খনত এখন কিতাপ আৰু কিছুমান ভেট ফুল দেখা পাবা। সেই পুৰোহিত জন কোন? যীচু খ্ৰীষ্ট তেওঁৰ কোলাত কিয় ইমান সুখী হৈছিল? শুনা, সেই পুৰোহিত জনৰ নাম পাদুৱাৰ সাধু এন্টনি। পাদুৱা ইটালিৰ এখন চহৰ, কিন্তু এন্টনি ইটালিয়ান নহয়। কিন্তু তেওঁক পাদুৱাৰ এন্টনি বুলিহে জনা গৈছিল, কিয়নো তেওঁ তেওঁৰ জীৱনৰ বাকী চোৱা তাতে কটাইছিল। এই চহৰতে তেওঁ অতি অদ্ভুত কাম কৰিছিল। তেওঁ বৰ সাধাৰণ পুৰোহিত আছিল আৰু এচিচিৰ সাধু ফ্ৰান্সিচৰ সমাজত (দলত) সোমাই ছিল। তেও ইন্দ্ৰিয় দমন আৰু প্ৰাথনাত এটা গুপ্ত জীৱন কটাই- ছিল। কিন্তু ঈশ্বৰে তেওঁৰ মহত পৰিত্ৰাতা সকলোলৈ প্ৰকাশ কৰিছিল আৰু তেতিয়া তেওঁ চহৰে চহৰে প্ৰেমৰ শুভ বাৰ্তা প্ৰকাশ কৰি ফুৰিছিল। 1 সেই সময়ত তাত বহুত অসৎ মানুহ আছিল। তেওঁ সিহঁতৰ ওচৰলৈ গৈ আৰু পবিত্ৰ কথাৰে সিহতক ঈশ্বৰলৈ পবিৰ্তন কৰিছিল। তাৰ চহৰ বিলাকৰ ইখনৰ সিখনৰ লগত কাজিয়া চলিছিল, তেওঁ সিহঁতক শান্তিলৈ অনাত কৃতকাৰ্য হৈছিল। তেওঁ এজন পবিত্ৰ স্বৰ্গীয় দূতৰ নিচিনা • এই কাৰণেই তোমালেকে সৌ ভেট ফুল বিলাক দেখিছা। তেওঁৰ সৰু লৰা যীচুৰ কাৰণে এটা মহত প্ৰেম আছিল। এদিন যীচু এটা সৰু লৰাৰ দৰে তেওঁৰ আগত উপস্থিত হৈ তেওঁক সাবতি লৈ চুমা খাইছিল। লাধু এন্টনিৰ দৰে আমিও খাৰ্ষিক আৰু পবিত্ৰ ঘৰলৈ যখন ইলহে হে সৰু লৰা যীচুৱে আমাক ভাল পাব আৰু আমাৰ আত্মালৈ আহিবলৈ খুব আনন্দিত হব।