পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসীয় ভাগ ২য় আগষ্ট, ১৯৩৫ সংখ্যা ১২ বন্ধুৰ বাণী। আমাৰ প্ৰভু যীচু খ্ৰীষ্টই প্ৰায়েই তেওঁ কি কবলৈ গৈছে, তাকে মানুহ বিলাকক বুজাবৰ কাৰণে দৃষ্টান্ত দি কৈছিল, “শুভ বাৰ্তা” এই ধুনীয়া দৃষ্টান্তবিলাকৰে পৰিপূৰ্ণ, যি অতি পৰিস্কাৰ আৰু সহজ আৰু যাক সকলো মানুহে বুজিব পাৰে। মই এইবাৰ তোমালোক যীচুৰ দৃষ্টান্ত বিলাকৰ দুটা বা এটা কব খোজো, যি তোমালোকক এটা ভাল শিক্ষা দিব। এদিন এদল মানুহে আমাৰ প্ৰভুক, তেওঁৰ অনন্ত আত্মাৰ কথা শুনি বলৈ অনুসৰণ কৰিছিল। তেতিয়া যীচুয়ে এটা ধুনীয়া দৃষ্টান্ত দি ক'লে:- স্বৰ্গৰ ৰাজ্য এজন অতি ভাঙ্গাৰ ৰজাৰ নিচিনা, যি তেওঁৰ কেৱল পুতেকৰ বিবাহ ভোজ তৈয়াৰ কৰিছিল। যেতিয়া সকলো বন্ধ ৰন্ত থিক হ'ল, তেওঁ চাকৰ বিলাকক ৰাজ্যৰ মন্ত্ৰী বিলাক, প্ৰধান বিষয়া বিলাক আৰু সকলো বিলাক ভলোক তেওঁৰ পুতেকৰ বিবাহ ভোজলৈ নিমন্ত্ৰণ কৰিবলৈ পঠালে। কিন্তু এনে ঘটিল যে তেওঁলোক সকলোৱে মিছাই কিছুমান কাৰণ দশাই আহিবলৈ অসম্মত হল। ইয়াতে ৰজাৰ খুৰ খং উঠিল আৰু তেওঁৰ সৈন্য বিলাকক তেওঁলোক, শান্তি দিবলৈ পঠালে। তেতিয়া তেওঁ কলে, “মোৰ ৰাজ্যৰ এখান ।