পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(2) ভাৰতীয় বাতৰি মাইচোৰঃ দক্ষন ভাৰতৰ এই প্ৰদেশত কাথলিক গিৰ্জাই বহুত উন্নতি কৰিছে। সাধু ফিলোমনাৰ সম্মানাৰ্থে এতিয়া এটা ধুনীয়া গিৰ্জা আৰম্ভ কৰা হৈছে। ই ১০,০০০ মানুহৰ কাৰণে যথেষ্ট হব। বৰ্ম্মা ঃ-ইয়াতত কাথলিক গিৰ্জাই খুব ভাল কৰিছে। এই টঙ্গ মিচনত ১৭ খন গাৱে উপদেশ লবলৈ সুধিছে আৰু খ্ৰীষ্টিয়ান হৈছে। ৰাচি ঃ--ভাৰতৰ প্ৰধান উন্নত ম ল কাথলিক মিচন বিলাকৰ ভিতৰত ইয়ো এটা। তাত প্ৰায় ৩০০,০০ ১ কাথলিক আছে। তাত বহুত ধুনীয়া গিড্ডা, স্কুল, হস্পিতাল আৰু মাউৰা লৰা ছোৱালীৰ আশ্ৰম আছে। শিলং ঃ—অলপতে শ্বিলঙত বিচপ লুইচ মাথিয়াজৰ দ্বাৰা ৬ জন নতুন পুৰোহিতক নিয়োগ কৰা হৈছে। তাত এখন ডাঙ্গৰ কলেজ আছে, যত প্ৰায় ১০০ মান ছাত্ৰক পুৰোহিত আৰু মিচনাৰী হবলৈ শিক্ষা দিয়া হৈছে। প্ৰতি বছৰে তেওঁলোকৰ কিছুমানে শিক্ষা সাং কৰি চাৰিও ফালে যীচু খ্ৰীষ্টৰ শুভ বাৰ্তা প্ৰকাশ কৰিবলৈ গৈছে। তেজপুৰঃ ট্ৰেইনিং স্কুল আৰম্ভ কৰা হৈছে। প্ৰায় ১০ মান দেকা মানুহ আমাৰ পবিত ধৰ্ম্মৰ উপদেশ লবলৈ আহিছে। সিহঁ • ইয়াত দুমাহ থাকিব আৰু তেতিয়া সিহতৰ ধৰ্মলৈ পৰিবৰ্তন কৰিবলৈ চাৰিও ফালৰ গাওঁ বিলাকলৈ যাব। সিহ ত বিশেষকৈ কছাৰী; কিয়নো মঙ্গল দৈত বহুত গাৱে খ্ৰীষ্টিয়ান হব খুজিছে। গৌহাটী ও-যোৱা মাহত কাথলিক হাই স্কুলৰ লৰা ছোৱালী বিলাক বন্ধত আছিল। সিহতে অলপ দিনৰ ভিতৰতে আকৌ সিহঁতৰ পঢ়া আৰু কাম আৰম্ভ কৰিব। কুৰিৰালি -আমি ইয়াত খ্ৰীষ্ট ৰজা স্কুল নামে এখন ডাঙ্গৰ স্কুল খুলিছে। চাৰিও ফালৰ গাওঁ বিলাকৰ বহুত লৰা ইয়াত উপস্থিত হৈছে। তাত বহুত ভাল শিক্ষক আছে। এই দৰে আমি প্ৰভু ভক্ত মানুহ আৰু সজ খ্ৰীষ্টিয়ান গঠন কৰিবলৈ আশা কৰে॥