পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৫)

যীচুৰ বহুমূলীয়া তেজ

 জুলাইৰ পহিলাতে আমি যীচুৰ বহুমূলীয়া তেজ মনত পেলাওঁ। এই স্মৃতি অৱশ্যে বৰ মধুৰ আৰু সুখদায়ক। ই আমাৰ কেৱল ঈশ্বৰৰ পৰা পোৱা লৰা যীচুৰ মৃত্যু আৰু অনুৰাগৰে সৈতে কিনা আমাৰ পবিত্ৰ মুক্তি শোৱৰাই দিয়ে।

 যদি আমি কেৱল জানিলো হেতেন যে আমাৰ প্ৰভূ যীচু খ্ৰীষ্ট অহাৰ আগেয়ে মমুষ্য জাতি কি আছিল। মনুষ্য জাতি ইমান তলত পৰিছিল যে কোনো মানুহেই ইয়াক মুক্ত কৰিব নোৱাৰিছিল। যেতিয়া মানুহ বেমাৰী আছিল; এখন ফাটেকত আছিল আৰু সম্পূৰ্ণৰপে অন্ধকাৰত আছিল, তেতিয়া আমাৰ পাবিত্ৰ মুক্তি দাতাই মানুহক দয়া কৰিবৰ কাৰণে আৰু ৰক্ষা কৰিবৰ কাৰণে স্বৰ্গৰ পৰা নামি আহি এজন মানুহ হৈছিল।

 যীচুৰ জীৱন পৃথিবীত মানুহৰ সকলো বিলাক লৰা ছোৱালীৰ স্বৰ্গীয় পবিত্ৰ আৰু খুব নিৰ্ম্মল আছিল। দুখ কষ্ট পোৱা মনুষ্য জাতিৰ কাৰণে তেওঁৰ হৃদয় মৰমৰে সৈতে পুৰিছিল, সকলো ব্যাধিৰ পৰা আৰোগ্য হবৰ আৰু ৰক্ষা পাবৰ কাৰণে দুখীয়া, বেমাৰী আৰু বিজাতীয় মানুহ তেওঁৰ ওচৰলৈ গৈছিল।