পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৬)


 যীচুৰ স্বৰ্গীয় ক্ষমতা ইমান ডাঙ্গৰ আছিল যে এজনী বেমাৰী তিৰোতাই কেৱল তেওঁৰ গাৰ কাপোৰ চুয়েই আৰোগ্য হৈছিল।

 তেতিয়া ভয়লগা শেষ হৈছিল। তেওঁৰ শত্ৰুয়ে তেওঁক বন্দী কৰিবলৈ কৃতকাৰ্য্য হৈছিল। যেতিয়া তেওঁ পৃথিবীক মুক্তিলৈ আনিছিল। তেতিয়া তেওঁৰ সন্মান আহিছিল। যীচু খ্ৰীষ্ট ঈশ্বৰৰ, আৰু তেওঁৰ পবিত্ৰ তেজেৰে আমি শুদ্ধ হৈছিলোঁ।

 ক্ৰুচত তেওঁৰ তেজ তোপা তোপে জৰি ওলাই আছে। তাতে আমাৰ মুক্তি হয়।

 তেনেহলে আমি এনেকুৱা বহুমুলীয়া তেজৰ যোগ্য হবলৈ প্ৰতিজ্ঞা কৰো আৰু এনেকুৱা পবিত্ৰ মুক্তি দাতাক ধন্যবাদ দিও আহা।

 ওপৰত কোৱা সকলো বিলাক বস্তু সম্পন্নতাৰ সংযোগত হে হয়। (কলচ ৩-১৪)

 আৰু ওপৰত পবিত্ৰ উৎসাহ পূৰ্ণ সকলো বস্তু তোমালোকৰ মাজত আছে। (১ পিট ৪-৮)

 তুমি মাজে সময়ে অন্ধকাৰত থাকা। কিন্তু এতিয়া তোমাক ঈশ্বৰে পোহৰ দিছেনে! পোহৰৰ লৰা ছোৱালীৰ নিচিনাকৈ খোজ কাঢ়া। (ইকি ৫-৮)

 যীচুৱে কৈছিল- ময়েই পুনৰুত্থান আৰু শেষ জীৱন। যি মোক বিশ্বাস কৰে; যদিও তেওঁ মৰিছে তথাপি তেওঁ জীৱাই থাকিব। আৰু সেই দৰে যি মোত বিশ্বাস কৰি জীৱাই থাকে তেওঁ কেতিয়াও নমৰে। (অপ ১১-২২)