পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৪)


 আমি কেনেকৈ আমাৰ চুবুৰীয়াক ভাল পাব লাগে? যীচুৱে আমাক এটি উদাহৰণ দিছে। আমি ঈশ্বৰ জ্ঞান কৰি আমাৰ ভাই ভনীৰ নিচিনাকৈ তেওঁলোকৰ নৰিয়াত চাব লাগে আৰু টানৰ সময়ত সহায় কৰিব লাগে। আমি তেওঁলোকৰ ওচৰলৈ যাব লাগে, সময়ত সান্তনা দিব লাগে, আৰু কোনো কথা নাজানিলে শিকাই দিব লাগে। তেওঁলোকৰ দুখত আমি দুখী আৰু তেওঁলোকৰ সুখত আমি সুখী হব লাগে। আমাৰ মৰম অকল কথাতেই নহয় কামতো হব লাগে। যদি আমাৰ ঈশ্বৰত ভক্তি আছে তেন্তে আমি তেওঁৰ আদেশ মানি চলিব লাগিব; আমি তেওঁৰ কথা শুনিব লাগিব আৰু ল’ৰা ছোৱালীয়ে যেনেকৈ পিতৃক ভাল পায়, হকা-বাধা মানি চলে তেনেকৈ আমিও তেওঁক ভাল পাই সকলো কথা মানি চলিব লাগে।

 যদি আমি আমাৰ চুবুৰীয়াক ভাল পাওঁ তেন্তে তেওঁ-লোকৰ দৰকাৰত আমি যি পাৰো সহায় কৰা উচিত।

 আমাৰ প্ৰভু যীচু খ্ৰীষ্টই কৈছিল মই যেনেকৈ তোমালোকক ভাল পাওঁ তেনেকৈ তোমালোকেও ইটোৱে সিটোক ভাল পোৱা।

অসমীয়াৰ বন্ধু।