অশ্বকৰ্ণ বধ অনন্তৰে ভীম ধনঞ্জয় দুই বীৰ। আনন্দিত মনে গৈলা আগক শিৱৰ॥ আজি দৈত্য যমলোকে পঠাবো নিশ্চয়। তোমাৰ চৰণে যদি ভকতি আছয়॥ ৫৪৭ এতেকেসে আমাৰ ৰহিল নিজ দেহ। আমাৰ ভাগ্যৰ কিবা কহিবো সন্দেহ।। মহাযত্ন কৰি গৃহে প্ৰতিমা নিৰ্মিয়া। অনেক প্ৰকাৰে পূজে কায়কাষ্ঠা হুয়া॥ ৫৪৮ তথাপিতো বাক্য মনে নুহিকে গোচৰ। হেন দেৱ দেৱীৰ যে লভিলো ওচৰ॥ যাত হন্তে গৈল মহাপ্ৰলয় বিকল। ব্ৰহ্মা আদি দেৱ নাশ হোৱয় সকল॥ ৫৪১ যাহাৰ কৃপাত মহা দেৱগণ যত। কৰে সুখ ভোগ প্ৰজা পালন্ত সমস্ত॥ হেন মহেশ্বৰ শঙ্কৰক দেখি আমি। কালমূৰ্ত্তি শিৱ যিটো জগতৰ স্বামী॥ ৫৫০ আন আন স্তুতি নতি কৰিলো মিনতি। দুয়ো কৰিলন্ত হৰ গৌৰীক প্ৰণতি॥ হৰৰ উপদেশ বিশ্বৰূপ সম্বৰিয়া দেৱ ত্ৰিনয়ন। অৰ্জুন ভীমক চাই বুলিলা বচন॥ ৫৫১ শুনা দুই ভাই কথা কহো সাৰতৰ আৰাধি বাঢ়য় বল দৈত্য দানৱৰ॥ চৈধ্যয় ভুৱন আক্ৰমিলা দুৰাচাৰ এহি হেতু ইহাৰ চিন্তিবে লাগে মাৰ॥ ৫৫২ ১২৩
পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/৯৬
অৱয়ব