সমললৈ যাওক

পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২২ অশ্বকৰ্ণ বধ মহাভয় হুয়া আগ পাচ নচাহিলা। যিমান শকতি বলে শূল প্ৰহাৰিল।। ভীম-ধনঞ্জয় দুই চাহিয়া আছিল। ধ্বনি লাগি দুয়ো বীৰ উফৰি পৰিল॥ ৫৪১ শূলধৰ আছে দেখি দেৱ ত্ৰিপুৰাৰি। ছাব দিয়া ধৰিলেক ওঁকাৰ সুমৰি॥ গৰুড়ৰ হাতে যেন বন্দী ভৈল সৰ্প। মহেশৰ হাতত গৈলন্ত তাৰ দৰ্প॥ ৫৪২ তাহাক ধৰিয়া পাচে দেৱ ত্ৰিপুৰাৰি। মহাৰঙ্গে নচুৱান্ত ঊৰ্দ্ধবাহু কৰি॥ মণিমন্ত মহাবীৰ বৃষভ আনিল। লাম্ফ দিয়া ত্ৰিনয়নে তাহাতে চৰিল॥ ৫৪৩ চৈধ্যয় ভুৱনে আজি মিলিল প্ৰলয়। বৃষভ বাহনে শূল থৈলা কৃপাময়।। পাৰ্বতী বোলন্ত প্ৰভু ভৈল বিপৰ্য্যয়। সমস্ত লোকৰ আজি খণ্ডিল অপায়॥ 544 তুমি নাৰাখিলে হন্তে দেৱ পশুপতি। কতেক বৰ্ণাইবো আৰো লোকৰ বিপত্তি॥ হেন বাণী বোলে শুনা মহেশ গোসাই। আদিত্য দানৱ সৃষ্টি কৰিবে লাগয়॥ ৫৪৫ পূজা খাইবে পাইলে ব্ৰহ্মা প্ৰজাপতি। বৰ দিয়া থাকে চিন্তে লোকৰ বিপত্তি॥ ভীম-ধনঞ্জয়ৰ হৰ-গৌৰী স্তুতি এহি বুলি গৌৰী মাৱ মৌন হুয়া ৰৈলা। শুনা জন্মেজয় পাচে যেন কথা ভৈলা॥ ৫৪৬