328 অল্প আৰু অম্ল বল হৈবে লোক যত। এক দৈতো কৰিবেক জগতক হত॥ সেহিসে কাৰণে মই বুলিলো নিশ্চয়। অদানৰ লোক সব কৰিতে লাগয়॥ ৫৫৩ পাওপত্ৰ শৰ হানি কৰিয়ো নিৰ্মূল। নবোহা বাকী দৈত্য-দানৱৰ কুল॥ সকল জগত দেখা ব্যাপিয়া চলয়। অনৌষধি ব্যাধি যেন লোকক পীড়য়॥ ৫৫৪ হেন জানি ধনঞ্জয় শীঘ্ৰ গতি কৰ। লেখা জন্মেজয় কেনে দয়া ঈশ্বৰৰ॥ ঈ হৈবাৰ ফল এহিসে হোৱয়। ভূত প্ৰাণী সমস্তকে ৰাখিবে লাগয়॥ ৫৫৫ হৰ-পাৰ্বতীৰ বৰ লৈ ভীম-অৰ্জুনৰ দত্ত-পুত্ৰৰ লগত পুনৰ ৰণ হেন বাক্য শুনি ভীম ধনঞ্জয় দুই। গৌৰী শঙ্কৰক নমিলন্ত পদ চুই॥ আশীৰ কৰিল পাচে দুহান্ত্ৰেক চাই। অনায়াসে ৰণজয় হয়ো দুই ভাই॥ ৫৫৬ মহাৰঙ্গে লোকৰ বিপদ এৰায়োক। তোমাসাত হন্তে সব দৈত্যনাশ হৌক॥ এহি বুলি দুহাক আশীষ কৰিলা। অষ্টগুণে তেজ বোল গুণে বল ভৈলা॥ ৫৫৭ মহাবীৰ ধনঞ্জয় গাণ্ডীৱ ধৰিলা। মাধৱৰ গদাক ভীমেয়ো তুলি লৈলা॥ হৰৰ কৃপাত দুয়ো আক্ৰমিলা ভাল। দেখিতে সাক্ষাত যেন দুই গোটা কাল॥ ৫৫৮
পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/৯৭
অৱয়ব