অশ্বকৰ্ণ বধ বাহন সহিতে যেন বহ্নি প্ৰলয়ৰ। লাগিল চমক সবে দৈত্য কটকৰ॥ ৫২১ অৰ্জুনৰ সমীপ চাপিল বৃকোদৰ। কম্পিল শৰীৰ ভয় ভৈলা গুৰুতৰ॥ বোলে বাপ আমাসাৰ মিলিল মৰণ। আছোক যুজিবো দেখি নৰহে জীৱন॥ ৫২২ কিবা অস্ত্ৰ কিবা শস্ত্ৰ কিবা শূলধৰ। হেনমতে নাহি দেখো ব্ৰহ্মা ৰুদ্ৰ শৰ॥ ধনঞ্জয় বোলে দাদা নাহিকে ৰক্ষণ। প্ৰলয় অন্তত ইটো ত্ৰিশূল প্ৰধান॥ ৫২৩ এক ত্ৰিনয়ন দেৱ শঙ্কৰত পৰে। চৈধ্যয় ভুৱনে আজি কোনে ৰক্ষা কৰে॥ আমি কৈত লাগো দুইজনে গুণে মন। ইন্দ্ৰ আদি দেৱতাৰ মিলয় মৰণ॥ ৫২৪ তথাপিতো যেহি হৌক ধৰো ধনুশৰ। এহি কহি ব্ৰহ্ম-শৰ লৈলা বীৰবৰ॥ গদাগোট নমি বীৰে ধৈৰ্য্যভাৱ ধৰি। ৰাম কৃষ্ণ নাম সুমৰন্ত শ্ৰদ্ধা কৰি॥ ৫২৫ তাত পাচে দৈত্যগোট সমীপ চাপিল। দণ্ড চাৰিমানে সিটো অন্তৰে ৰহিল॥ আকাশ লঙ্ঘিয়া মহাসিংহ গোট তাৰা। শূল ধৰি প্ৰকাশ কৰয় দুৰাচাৰ।। ৫২৬ বাঢ়িবে লাগিলা শূল বহলে দীঘলে। নসহয় সিংহে জাম্প দিলা মহীতলে॥ কম্পয় বিতল পুৰ তাহাৰ সন্ধানে। বায়ু লাগি সমুদ্ৰত নৌকা ঘূৰে যেনে॥ ৫২৭ ১১৯
পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/৯২
অৱয়ব