১২০ অশ্বকৰ্ণ বৰ নিষ্কম্প অনন্ত ফণা হালি হালি যায়। দিগ্গজ সকলে শ্ৰমে ফোঙ্কাৰি চেষ্ণায়॥ চৈধ্যয় ভুবন কম্পে ধৰ ধৰি কৰি। ব্ৰহ্ম ভুৱনত সবলোক গৈলা ভৰি॥ ৫২৮ উফড়িবে লৈলা সাত সাগৰৰ জল। চমক লাগিল যত পৰ্বত সকল॥ চন্দ্ৰ সূৰ্য্য বায়ু বহ্নি দশদিগপাল। নজানয় কেনে হেন মিলিল ধঞ্চাল॥ ৫২১ বিৰিঞ্চি মনে আৰু মিলিল সংশয়। অকালত কেনে হেন ঘটিল প্ৰলয়॥ বিতল পুৰত লোক আছিলেক যত। যান সমে ঘূৰি ঘূৰি পৰিলা ভূমিত।। ৫৩০ সি থানত বিনা পাণ্ডৱৰ দুই ভাই। তাস্তবিনে কাহাৰো চেতন জ্ঞান নাই॥ বৰ বৰ প্ৰমথ আছৰ যত যত। পাক ফুৰি পৰি ৰৈলা হুয়া অশকত॥ ৫৩১ হৰৰ পুৰীত বৰ খলক লাগিলা। সঙ্কেত বচনে পাচে পাৰ্বতী বুলিলা॥ বদতি পাৰ্বতী দেৱ হেৰা পশুপতি। কিবা হেতু জগতৰ মিলিছে বিপত্তি॥ ৫৩২ অকালত কিবা হেতু মিলিল প্ৰলয়। কহিয়ো ত্ৰিশূলধাৰী ইহাৰ নিৰ্ণয়॥ হেন শুনি মাতিলন্ত দেৱ পশুপতি। দেৱৰ অন্যায়ে হয় লোকৰ বিপত্তি॥ ৫৩৩ পূৰ্বে মহামায়া মোক শূল পাট দিলা। প্ৰলয় অন্তক শূল প্ৰবন্ধে স্ৰজিলা॥
পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/৯৩
অৱয়ব