১১৮ অশ্বকৰ্ণ বধ এতেক প্ৰকাৰে তাক পূজে বলি কৰি। কষটি শিলাৰ গৃহে ৰাখিছে সাদৰি॥ পূৰ্বে ব্ৰহ্মা ছিদ্ৰ ৰাখি বুলিলা নিশ্চয়। যি কালত আহি শূলে আচণ্ডি কৰয়।। ৫১৫ মনুষ্যে মাৰিবে তেবে সৈন্যগণ যত। তোহোৰ হৈবন্ত মৃত্যু তাহাৰ হাতত॥ বৈশম্পায়ন বোলে পৰীক্ষিতৰ তনয়। ব্ৰহ্মাৰ বচন সব মিলিল নিশ্চয়॥ ৫১৬ দম্ভৰ তনয় পাচে আৰ বল দিল। শৱদ কৰিয়া শূল মাজতে উঠিল॥ তাহাক হাতত ধৰি যানত চড়িল। প্ৰহাৰেক মানে জানা ধৰণী লৰিল॥ ৫১৭ গমনে হোৱয় পচিশ মাসৰ যে পথ। দানৱৰ পৰাক্ৰম কি কৈবো মহত॥ অৰ্জুনে বোলন্ত নাহি দম্ভৰ তনয়। বলে কাটি গাণ্ডি মুণ্ড পলাল নিশ্চয়॥ ৫১৮ দূৰক নিৰেখি দৈত্য সৈন্যৰ মাজত। নেদেখিয়া কিছো চক লাগিল মনত॥ দানৱ মায়াবী সিটো কোন মায়া কৰে। ইহাক জানয় মাত্ৰ সদাশিৱ হৰে॥ ৫১৯ এহিমানে দণ্ড চাৰি মানে বিতৰ্কিলা। পাচে ৰিণি ৰিণি মাত্ৰ তাহাক দেখিলা॥ প্ৰলয় মেঘ যেন সিংহ বাহনত। বিধম অগনি যেন শূলৰ মহত্ব। ৫২০ দানৱৰ সেনাধিক আছে নিৰন্তৰ। চাহন নযায় তাৰ ৰশ্মি ভয়ঙ্কৰ॥
পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/৯১
অৱয়ব