অশ্বকৰ্ণ বধ প্ৰলয় অন্তক সিটো শঙ্কৰ দেৱৰ। প্ৰকৃতি স্ৰজন তিনিগুণ শ্ৰেষ্ঠতৰ॥ ৫০৮ শঙ্কৰেসে ধৰে আনে নপাৰে ধৰিতে। কালৰূপী পূজা খাই থাকয় তহিতে॥ শঙ্কৰক পূজিলে তাহাৰ পূজা হয়। অৰ্বুদ নিৰ্বুদ যুগ তহিতে আছয়॥ ৫০৯ যি বেলাত সদাশিৱ মোহিত ভৈলেক। খাইবে নপায় শূলগোট শুষিল প্ৰত্যেক॥ ব্ৰহ্মলোকে গৈয়া ব্ৰহ্মা সভাত আছিলা। অনন্তৰে দুষ্ট দৈত্য ব্ৰহ্মক চিন্তিলা॥ ৫১০ ব্ৰহ্মাক আৰাধি যুজিলন্ত অম্ৰাৱতী। বিৰিঞ্চি বোলয় মই নোহো অধিপতি॥ পাচে বিধাতাৰ এহি শূলক খুজিলা। শঙ্কৰৰ শূল বুলি তেহেন্তে কহিলা॥ ৫১১ পূজা নাখাই আসিছে মোহোৰ থানক তই অল্পমতি লইবি কেনমতে আক।। শঙ্কৰত বাজে আৰো ধৰিতে নাপাৰে। মহা প্ৰলয়ত আক ধৰে দেৱ হৰে॥ ৫১২ কাকূতি মিনতি কৰি অসুৰে বোলয়। মোক এহি মহাশূল দিয়ো কৃপাময়।। আৰো আক ধৰিবাক দিয়োক শকতি। এহিখানি বৰ মোক দিয়ো প্ৰজাপতি॥ ৫১৩ এৰিতে নপাৰি ব্ৰহ্মা শূলে বৰ দিল। চৌৰাশী হাজাৰ যুগ পাতালে আছিল।। বছৰত একবাৰ তাহাক পূজয়। দেৱতা মনুষ্য হস্তী দৈত্য মৃগচয়॥ ৫১৪ ১১৭
পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/৯০
অৱয়ব