১১৪ অশ্বকৰ্ণ বধ আপুন পৰক নিচিনিয়া কেনে বিতল পুৰে আসিলি। দন্দ্ব কিনি আসি অকাৰণে কেনে বিপাঙ্গে পৰি মৰিলি॥ দন্তৰ পুত্ৰৰ লগত অৰ্জুনৰ ৰণ আৰু শঙ্কৰৰ দ্বাৰা ভীম-অৰ্জুনৰ প্ৰাণ ৰক্ষা পদ বৈশম্পায়ন বদতি শুনা জন্মেজয়। দৈত্যৰ বচন শুনি পাণ্ডুৰ তনয়॥ ৪৯০ মহোশোকে দুখে তাক বোলয় বচন। শুনা আৰে দুৰাচাৰ দত্তৰ নন্দন।। কেনমতে ৰট দুষ্ট অশুভ বচন। আপুনি মৰিলি দুষ্ট নুবুজি কাৰণ॥ ৪৯১ যতেক মাৰিয়া আছো দৈত্য সমৰত। সি সবক তই কেনে নাৰাখা ৰণত॥ মুনিষায় কথা কহ নিলাজ বৰ্বৰ। শঙ্কৰক খেদি লইবি কৈলাস নগৰ॥ ৪৯২ হেন বুলি পাষণ্ড কহস কোন লাজে। মহাকাল মূৰ্ত্তি আৰ নাহি যাত বাজে।। তাহাঙ্ক অৱজ্ঞা কৰ মৰণ বেলাত। দেখ পাপী আজি মই কৰো কন্ধপাত॥ ৪৯৩ এহি বুলি কুত্তীৰ তনয় বলীয়াৰ। অদৈত্য কৰিবো আজি লোক নিৰন্তৰ॥ দেৱ-গন্ধৰ্বৰ গুচাইবো দৈত্যভয়। বাৰে বাৰে দুৰাচাৰে ইন্দ্ৰক যুজয়॥ ৪৯৪ পাতালৰ পৰা উঠি পৃথিৱীক যায়। ব্ৰহ্মাত লভিয়া বৰ কৰে মুনিষায়॥
পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/৮৭
অৱয়ব