সমললৈ যাওক

পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শৰঘাৱে যত অশ্বকৰ্ণ বধ ক্ষণেকে সবে গুচিল। ১১৩ পীড়া পাইলেক ইটো মোৰ দুখ কৃষ্ণে গুচাইলে মনত আক জানিল॥ ৪৮৬ মহা বলৱন্ত বীৰ ধনঞ্জয় ক্ৰোধে আতি উথলিল। অসংখ্যাত শৰ প্ৰহাৰ কৰিয়া দানৱক নিৰোধিল॥ দেখা জন্মেজয় ভকত বৎসল কৃষ্ণ কৃপালু ভাৱ। সৰ্বভাৱে হৰি ভক্তক ৰাখন্ত যেহেন পুত্ৰক মাৱ॥ ৪৮৭ ক্ষণেকে অৰ্জুন দৈত্যৰ শৰত পৰি যান্ত যমালয়। পৰম ঈশ্বৰ কৃষ্ণেসে ৰাখিল নুহি ইটো অসম্ভৱ॥ কৃষ্ণৰ সমান কৃপালু দেৱতা নাহি জানো সাৰে সাৰ হেন জানি ৰাজা কৃষ্ণৰ চৰণে নেৰিবা ভকতি আৰ॥ ৪৮৮ ই কথা থাকোক শুনা পাচকথা ধনঞ্জয় যি কৰিলা। সি বেলাত দম্ভ দানৱৰ সুতে অৰ্জুনক যি বুলিলা॥ যেন আকাশত মেঘৰ গৰ্জন বুলিবে লৈলা বচন। শুনা মানুষৰ ছাৱাল দুৰ্জন মিলিল তোৰ মৰণ।। ৪৮৯