অশ্বকৰ্ণ বধ সবাহাৰ দুৰ্গতি খণ্ডাবো এহি ঠাই। যদি মোক বৰ দেস্ত হৰ কৃপাময়॥ ৪৯৫ এহি কহি ধনুখান টঙ্কাৰ কৰিলা। দৈত্যৰ সেনাৰ মাজে চমক লাগিলা॥ নাগ-কক্ষ শৰপাট জুৰিলা গুণত দানৱগণক আজি কৰিবো বিঘাত॥ ৪৯৬ মন্ত্ৰ অভিষেক কৰি কৰ্ণমানে টানি। আটাসেক দিয়া বীৰে পঠাইলেক হানি। বিম্বাদ শৱদে শৰ পথে বহি যায়। দম্ভৰ পুত্ৰৰ শিৰ আলাগতে পায়॥ ৪৯৭ তাৱক্ষণে তাক সৰে কাটি পেলাইলা। সিংহ যান হন্তে খসি ভূমিত পৰিলা॥ সাৰথি সহিতে সিংহগোট জাম্প দিলা। অনেক দানৱ সৈন্য ছোটত মৰিলা॥ ৪১৮ খনিতেক মানে সিটো পৰিয়া আছিল। ডেৱ দিয়া শিৰগোট গাণ্ডিত লাগিল॥ মুনিয়ে বোলন্ত ৰাজা শুনা জন্মেজয়। দেখি অৰ্জুনৰ আতি মনত বিস্ময়॥ ৪৯১ আগৰ সন্ধানে আৰ নৰহে শৰীৰ। পৰাক্ৰমে ইহাৰ ছেদিলো নিজ শিৰ॥ ইবাৰ অসুৰে মোক নেড়িব কদাচ। এহি বুলি মনে গুণি কৰন্ত আলচ॥ ৫০০ ধনুখান ধৰি ধৰি তৃণক চাহিলা। বাসৱৰ দত্ত অস্ত্ৰ মনত পৰিলা।। বঘাসুৰ বধিবাক দিলা হৰি হয়। তাক জুৰিলন্ত আনি কুন্তীৰ তনয়॥ ৫০১ ১১৫
পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/৮৮
অৱয়ব