এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
অশ্বকৰ্ণ বধ ১১২ অসংখ্য দানৱ কোটি এক মানৱ দানৱৰ উলি জুলি। তিনিয়ো লোকক লৈবেক খোজয় কৰি ঘোৰ মহতালী॥ মোহোৰ পুৰীক আক্ৰমিয়া ধায় স্বৰ্গপুৰ লৈবে মন। অৰ্জুন ভীমৰ হাতত মৰিয়া উঠি পুনু কৰে ৰণ॥ ৪৮৩ দম্ভৰ তনয় দাৰ দুৰ্জয় বীৰৰ মধ্যে প্ৰচণ্ড। অৰ্জুন বীৰক মহাশৰ বৰ বৰষিলা বৰ চণ্ড॥ কতো আকাশত কতো শৰীৰত কতো যায় অন্তৰিয়া কুন্তীৰ তনয় সন্ধানে ফুটিয়া ৰুধিৰে বহয় হিয়া॥ ৪৮৪ মহাশৰ ঘাৱে জমক দেখিয়া কুন্তীপুত্ৰ ধনঞ্জয়। বৰ ত্ৰাসান্বিত হুয়া মহাবীৰ কৃষ্ণ নাম উচ্চাৰয়॥ অৰ্জুনৰ হেন বিশ্ৰুতি দেখিয়া ভকত বৎসল হৰি। হৃদয়ে প্ৰবেশি যত দুখ শোক নিৰন্তৰে দূৰ কৰি॥ ৪৮৫ সব পীড়া দূৰ ভৈলা অৰ্জুনৰ খণ্ডিলা সবে বিকল। কৃষ্ণ গুণ তেজে উল্লাসিল মন ষোল গুণে ভৈল বল।।