এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
অশ্বকৰ্ণ বধ নচলয় হাত ভৰি কৰে ৰাম ৰাম | মৰাশৱ আৰে কিছো কৰিবো বিশ্ৰাম॥ এহি বুলি লুকাইয়া বায়ুৰ কুমাৰ। অৰ্জুনে বোলয় ৰণ ভৈল ঘোৰতৰ॥ ৪৭৮ কতো দানৱৰ শৰে নসহে শৰীৰ। জমক দেখয় কুন্তীসুত মহাবীৰ॥ লগত সহায় নাই কৃষ্ণ নাম বিনা। কৃষ্ণ নাম ঘনে ঘনে কৰয় স্মৰণ॥ ৪৭৯ সেহিবেলা দম্ভৰ তনয় দুষ্টজন সৈন্যৰ মৰণ দেখি কোপ কৰি মন॥ অৰ্জুনে বোলয় দানৱৰ বৰ ৰাগ। আহ বুলি ধনু ধৰি ভেন্টিলেক আগ॥ ৪৮০ নমো নমো নাৰায়ণ পুৰুষ প্ৰধান। ভকতক ৰক্ষা কৰি ফুৰা সবক্ষণ॥ তোমাৰ ভৃত্যৰ ভৃত্য হৌক মোৰ মতি। বদতি ভাৰতচন্দ্ৰে কৃষ্ণ পদে ৰতি॥ ৪৮১ হৰি হৰি স্মৰা আত্মা তাহাত চৰিত। ৰাম ৰাম বুলি লোৱা পৰলোক বিত॥ দাৱনৰ লগত অৰ্জুনৰ ৰণ দুলড়ী ঋষি নিগদতি শুনা মহামতি নৃপ পৰীক্ষিত সুত। দেখন্তে শঙ্কৰ দৈত্য অৰ্জুনৰ সমৰ ভৈল অদ্ভুত॥ ৪৮২ ১১১