১১০ অশ্বকৰ্ণ বধ পৃথ্বীগৰ্ভে মাধৱে মাৰিলা একবাৰ। সেহি ধৰি চকিছিল দানৱ দুবাৰ॥ ৪৭১ ব্ৰহ্মাদেৱ বৰে সবে বাঢ়িয়া আছয়। ইবাৰ উঠিলে আৰ কমনে ৰাখয়।। ইথানে ইহাক আমি ৰাখিবে লাগয়। অৰ্জুন ভীমৰ হস্তে কৰাইবো ক্ষয়॥ ৪৭২ এহি কহি ৰহি আছে দেৱ ত্ৰিপুৰাৰি। মুনিয়ে বোলন্ত ৰাজা শুনা মন কৰি॥ অনন্তৰে কুন্তীৰ তনয় ধনঞ্জয়। পোন্ধৰ অযুত দৈত্য নিলা যমালয়॥ ৪৭৩ তাৰে পঞ্চ অযুত উঠিলা পুনৰ্বাৰ। উঠি উঠি অৰ্জুনক পুনু দিলা ধাৰ। ব্ৰহ্মাৰ বলত পুনু জীৱে মৰি মৰি। কৰয় প্ৰহাৰ শৰ হাতে ধনু ধৰি॥ ৪৭৪ গাৰি-শিৰ বিভাগিয়া যতেক পৰয়। সিসব দানৱ আৰ জীৱে নপাৰয়।। বৃকোদৰে মাৰিলা দানৱ কোটি কোটি। এক কোটি মাৰি আৰ কৰিলা নিগুটি॥ ৪৭৫ কোটি এক উঠি পুনৰ্বাৰ ৰণ কৰে। দেখি বায়ুসুত আতি চমকিল বৰে।। কিনো অদভুত ক্ষয় নাহি দানৱৰ। পুনু পুনু উঠি আসি কয় সমৰ॥ ৪৭৬ নসহে শৰীৰ মোৰ শৰৰ সন্ধানে। দানৱৰ ছোটত জীৱাক শঙ্কা মনে॥ ধাৰাসাৰে বহে ৰক্ত সৰ্ব শৰীৰত। ফুলিল মন্দাৰ যেন বসন্ত কালত॥ ৪৭৭
পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/৮৩
অৱয়ব