সমললৈ যাওক

পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

90 অশ্বকৰ্ণ বধ যিবা ৰাজ দুহিতা আছিল হেমাৱতী। তেহো নাহিকয় আৰ লগত তহিতি।। অন্যো অন্যে বোলে এৱে বুজিলো কাৰণ। ৰাজাক মাৰিয়া কন্যা নিলা কোন জন॥ ২৮১ পূৰ্বে শঙ্কৰে বৰ ছিদ্ৰ থৈয়া আছয়। নৰনাৰায়ণে জানা আমাক মাৰয়॥ সিটো নৰনাৰায়ণ হোৱয় বেকত। আমাসাৰ দিন আৰ নাহি বিতলত॥ ২৮২ সেহি যদি কোন কালে লগক পাৱয়। এহি গোপ্য কথা যদি তেহো জানিছয়।। উপায় কৰিয়া আসি ইহাক মাৰিলা। এহিমতে দানৱে যে অনেক গুণিলা॥ ২৮৩ হেমাশ্ৰয়া নামে যিটো কুমাৰী আছিলা। বহুত লোকক উপকাৰ কৰিছিলা।। উশীনৰ ৰাজ্যখন কৰি আছে হত। নব খৰ্ব দৈত্য বীৰে লেখিবেক কত॥ ২৮৪ পাচে সবে যুক্তি কৰি ইথায়ে আসিলা। তাৰ বৰপুত্ৰে অধিকাৰী কৰি দিলা।। কাকো হিংসা নকৰিলা নাহিকয় পাপ সহিতে নপাৰে অধৰ্মৰ বৰ তাপ॥ ২৮৫ একেশ্বৰে থৈলা তাক বিতলপুৰত অযুতেক পত্নী তাৰ পুত্ৰগণ যত।। সবেয়ো এৰিলা তাৰ দুষ্টৰ কাৰণ ইহাৰ বলৰ অন্ত পাৱে কোনজন॥ ২৮৬ অনুমানে নৰনাৰায়ণ অৱতাৰ কোন ৰূপে আসি তাৰ চিন্তিলেক মাৰ॥