সমললৈ যাওক

পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অশ্বকৰ্ণ বধ আৰো জানো হেমাশ্ৰয়া ৰাজাৰ কুমাৰী। তেহো মৰাইলেক জানো প্ৰবন্ধক কৰি॥ ২৮৭ আমি সবে শীঘ্ৰে তাঙ্ক বিচাৰিয়া যাও। সমস্ত বাৰ্তাক যাই ৰাজাত জনাও।। বৈশম্পায়ন বদতি শুনা জন্মেজয়। এহিমতে দৈত্য সবে আলচ কৰয়॥ ২৮৮ সিকালত পাণ্ডু পুত্ৰ বীৰ ধনঞ্জয়। হেমা সমে শঙ্কৰৰ স্থানক চলয়॥ তাৰা সবে দেখন্ত সকল দৈত্যগণে। ৰাজাক কহিতে দূত ভেজিলা তেখনে॥ ২৮৯ অসংখ্যাত ভক্ষ্য দ্ৰব্য যতেক অনায়। ডাঙ্গৰ সমাজ পাতি নিয়ম কৰয়।। অযুতেকমান দৈত্য বলত আগল। কংসসেন নাম তাৰ অধিকাৰী বল॥ ২৯০ সেহি সব লোকে ববসি কৰে আলোচন। আৱে ঘোৰ ঘঞ্চাল লাগিল সেহি স্থান॥ অৰ্জুনে বোলন্ত হেমা কহা মোৰ আগে কাৰ সৈন্য আসে ইটো আতি বৰৰাগে॥ ২৯১ হেমা বোলে দেৱ আৰ শুনিয়ো কাৰণ। অশ্বকৰ্ণ ৰাক্ষসৰ পুত্ৰ এহিজন।। মাজে মাজে তাক ভক্ষ্য বস্তুক যোগায়। অনেক দানৱগণে আসিয়া দিয়য়॥ ২৯২ সেহিসব সৈন্য কিবা আসিছে ইঠাই। তোমাৰ আবেসে সিটো নিৱৰ্তন নাই॥ পৰম দুৰ্বাৰ সবে দাৰুণ দুৰ্জয়। তাক জিনিবাক কাৰ শকতি আছয়॥ ২৯৩ ৭৯