অনন্তৰে অন্তৰ্দ্ধান ভৈলা তৰুবৰ।
দুৰ্জন ৰাক্ষস সিটো অজয় অমৰ॥ ২৬২
বৰ ছিদ্ৰ কাৰণেসে তোমাক আনিলো।
ষোড়শ ভ্ৰাতৃক মই উদ্ধাৰ কৰিলো॥
ভুঞ্জিবা শ্ৰীফল মই কহিলো কাৰণ ৷
পাচে শঙ্কৰৰ স্থানে কৰিবা গমন॥ ২৬৩
বৈশস্পায়ন বদতি শুনা জন্মেজয়।
শুনি ৰঙ্গ ভৈলা দুয়ো কুন্তীৰ তনয়। ৷
আগত গৈলেক হেমা পাচে কুন্তীসুত।
দেখিলা শ্ৰীফল গাছে আতি অদভুত॥ ২৬৪
সুৱৰ্ণে খচিত ৰত্নে গুৰি বান্ধিছয়।
যোজন বেঢ়িয়া আছে দেখি লাগে ভয়॥
সৰ্বকালে বৃক্ষত নুগুচে ফলচয়।
খুজিলে মাত্ৰকে ফল গোটক দিয়য়॥ ২৬৫
এক এক ফল আছে হস্তীৰ সমান।
হল-ফল কৰি লাগে দেখিতে সুঠান॥
নসৰে নপকে ফল শেষ যে নহয়।
ভীম-অৰ্জুনৰ দেখি আনন্দ মিলয়॥ ২৬৬
তাৰ দুই গোট ফল ভূমিত পৰিল।
ফলৰ শৱদে জানা পৃথিৱী লৰিল॥
একগোট ধৰি বীৰ কুন্তীসুত বলী।
বলে চেপি ৰস তাৰ পিলা হলাহলি॥ ২৬৭
গুচিলেক ক্ষুধা তৃষ্ণা শৰীৰ শীতল ৷
ভৈল তেজ বল শ্ৰম গুচিল সকল॥
পক্ষীয়ে অমৃত পান কৰিলে যিমতে।
অজৰ অমৰ সিটো হোৱে তেনেমতে॥ ২৬৮