সমললৈ যাওক

পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৪
অশ্বকৰ্ণ বধ

তাৰ গন্ধে গৌৰী দেৱী সন্তুষ্ট হোৱয়।
বৈকুণ্ঠত থাকি কৃষ্ণে তাৰ গন্ধ পায়। ৷
অজৰ অমৰ হোৱে তাহাক ভুঞ্জিলে।
তাৰ নাম শ্ৰীফল যে জানিবা সকলে॥ ২৫৬

গোসানী সন্তোষ হয় পত্ৰে পূজিলন্তে ৷
পূজা লভি গৌৰী মাৱে আনন্দ কৰন্ত॥
অশ্বকৰ্ণ ৰাক্ষস আছিল যি কালত।
বৃক্ষে নধৰয় ফল তাহাৰ ভয়ত॥ ২৫৭

পাচে এহি বাৰ্তা যেৱে ৰাক্ষসে জানিলা।
ছেদিবাক মনে সিটো ওচৰ চাপিলা॥
ব্ৰহ্মময় বৃক্ষ পাচে মূৰ্তিমন্ত ভৈলা।
বিপ্ৰৰূপ ধৰি তাক মাতিবে লাগিলা॥ ২৫৮

শুনা অশ্বকৰ্ণ মোক নকৰা ছেদন।
শিৱে মোক আদেশ নকৰে যতক্ষণ॥
এতেকেসে ফলদান নেদো মই তোক।
ফল দিবে আদেশ কৰয় যদি মোক॥ ২৫৯

শঙ্কৰৰ তাঙ্ক যাই আদেশ আনিয়া।
শিৱৰ আদেশে আছো এথা অপেক্ষিয়া॥
যদি মোক আদেশ কৰয় সদাশিৱে।
বিস্তাৰ কৰিলো ম‍ই ইহাক জানিবে॥ ২৬০

শুনিয়া ৰাক্ষসে বৰ সংশয় মিলিলা।
কৰযোৰ কৰি পাচে মাতিবে লাগিলা॥
কৰিবো আদৰ মই নেৰিবো তোমাক ৷
নিতে চাৰিগোট ফল দিবাহা আমাক॥ ২৬১

বৃক্ষে বোলে চাৰিগুটি ফল কি কৰিবা ৷
একগুটি ফল চাৰি দিনত ভুঞ্জিবা॥