সমললৈ যাওক

পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
অশ্বকৰ্ণ বধ

অশ্বকৰ্ণ নামে মোৰ স্বামী ৰাক্ষসৰ।
হেমা কন্যা নাম মোৰ জানা সাৰে সাৰ॥
কোমল মানুষ্য দুয়ো দেৱতা উত্তম।
তোমাসাক দেখি মোৰ মনে ভৈলা ভ্ৰম॥ ৪৮

বৈশম্পায়ন বদতি শুনা নৰেশ্বৰ।
হেন শুনি কোপে মাতিলন্ত বৃকোদৰ॥
হা ওৰে পাপীষ্ঠ দুৰাচাৰী নিশাচৰী।
আমাক আনিলি কেনে ঘোৰ মায়া কৰি॥ ৪৯

কহো শুনা আমি ভীম অৰ্জুন মহত।
ৰাক্ষস পিশাচ সমস্তকে কৈলো হত॥
যুধিষ্টিৰ ৰাজাক বখানে দেৱগণে।
আমি দুই বীৰ সম নাহি ত্ৰিভুৱনে॥ ৫০

তোৰ সম ৰাক্ষসী কতবা কৈলো হত।
তোৰ কাল ভৈলো এন্তে দাৰুণ গৰ্তত॥
যাতো অপেস্বৰা বুলি ভাণ্ডনা কৰিলি।
মন্দবুদ্ধি তই ইটো থানক আনিলি॥ ৫১

এতিক্ষণে তোক আমি মাৰিবাক পাৰো।
কিন্তু ই ঘোৰ গৰ্ভত উঠিতে নপাৰো॥
শুনি মন কষ্ট ভৈলা ৰাক্ষসী হেমাৰ।
ইহাৰ বধৰ ভাৰ লাগিবে আমাৰ॥ ৫২

মনত বোলন্ত মোৰ অন্যায় মিলিল।
আসম্বাৰ মহাপাপ আমাত লাগিল॥
আৰ দুই বধ মোত সিজিল দুৰ্বাৰ।
অশ্বকৰ্ণ স্বামী সমে ভুঞ্জিবেক আন॥ ৫৩

ইহাৰ ৰক্ষাৰ কিছু নাহিকে শকতি।
তাসম্বাৰ জন্ম কৰ্ম পুছোহো সম্প্ৰতি॥