দুই বীৰে মিলি ধৰি অনেক টানিলা।
ভাগৰ লাগিয়া তুলিবাক নপাৰিলা॥
যিটো বীৰে তুলি পৰ্বতক হানে দলি।
মনুষ্য মধ্যত তাঙ্ক সম নোহে বলী॥ ৪২
ধনঞ্জয় বীৰ তিনি জগতে বখানে।
ত্ৰাস হুয়া আছে হৰ যাহাৰ সন্ধানে॥
হেন দুই বীৰক ৰাক্ষসী মায়াবলে।
পৃথিৱী এৰায়া ছলি নিলেক পাতালে॥ ৪৩
দেখা জন্মেজয় কৃষ্ণ লীলাৰ মহত্ত্ব।
যাত হন্তে সৃষ্টি স্থিতি হোৱন্ত বেকত॥
মহাপুৰুষৰ জানা ইচ্ছা মাত্ৰ কত।
দুই ভাই প্ৰবেশিলা দাৰুণ গৰ্তত॥ ৪৪
ৰাক্ষসী শৰীৰ প্ৰকাশিয়া যায় জ্বলি।
বিজুলী চমকে আলাগতে নেই তুলি॥
দিবা ৰাত্ৰি নজানয় গৰ্তৰ ভিতৰে।
ছয় দিনে পাইলেক বিতল নগৰে॥ ৪৫
দিব্যৰত্ন পুৰীখান বহল বিস্তাৰ।
সঞ্চাৰ নাহিকে তাত মনুষ্য প্ৰজাৰ। ৷
নাহি দিন ৰাত্ৰি চন্দ্ৰ সূৰ্য্যৰ আভাস।
হৰিদ্ৰাৰ বৰ্ণ সিটো থানৰ প্ৰকাশ॥ ৪৬
ৰাক্ষসীৰ ভীম-অৰ্জুনৰ লগত কথোপকথন
কান্ধৰ নমাই পাচে দুহান্তক থৈলা।
দিব্যৰূপ ধৰি তাই মাতিবাক লৈলা॥
তোমাসাক আনি আছো স্থানে আমাসাৰ।
জীৱনক আশা তোৰা নকৰিবা আৰ॥ ৪৭