অলকা, ( 32 ) ছিলঙ মতা মানুহ বুলিলেই এটা গৰ্ব্ব থাকে, সেই গৰ্ব্ব মোৰো আছিল, এতিয়াও যে নাই তেনে নহয়। সেই গৰ্ব্বত আঘাত লাগিছে বুলিয়ে আজি ধৰা দিছে। আমি বহুত সময়ত আমাতকৈ তোমালোকক নিকষ্ট বুলি ভাবোঁ। After all, a woman. লিখকসকলে তোমালোকক বি অন্যায় কৰিছে তাৰ কথা এতিয়া নকওঁ। কিন্তু তুমি যেনে আচৰণ কৰিলা, মই অবাক হৈছো। মই ভাবিছিলো শ্ৰীমতী অৰুণাই অনিচ্ছাতো মোৰ সময় আৰু মনৰ ওপৰত যি প্ৰভাৱ বিস্তাৰ কৰিছে তুমি তাত অলপ ক্ষুণ্ণ হবা আৰু মোক তাকেই জানিব দিবা। তুমি হয়তো মোৰ আশ্বাস গ্ৰহণ কৰিছা, কিন্তু তোমাৰ সন্দেহৰ নিশ্বাসত ডালিমৰ পাত এটিও নলৰিব নে? অৱশ্যে অথেলোৱে ডেছদিমোনাক মাৰিছিল, ডেছদিমোনাই সেইখিনি খঙত অথেলোক বিহু নিদিলেও নিদিব পাৰিলেহেঁতেন কিন্তু সন্দেহত ৰাতি খন্তেকো জাগি নাথাকিলে হেঁতেন নে? তোমালোকৰ ছাইক’লজি নুবুজোঁ, তোমালোকৰ ভাৰ- খাৰা বুজা মোৰ পক্ষে অসম্ভৱ। এইটো যুদ্ধৰ পিছৰ শান্তি, নে আগৰ নিস্তব্ধতা? যদি শিঙা বাজে তোমাৰ ফালৰ পৰাই বাজিব। মই পলালেও কাপুৰুষতা নুবুলিবা, Strategic retreat বুলিবা। তোমাৰ প্ৰশ্নবোৰ মোৰ ভাল লাগিছে। স্বৰ্গ সম্বন্ধে মোৰ কি ধাৰণা? “জ্ঞান মালিনী”তে যি স্বৰ্গৰ বৰ্ণনা পঢ়িছিলো, এতিয়া ভালে-
পৃষ্ঠা:অলকালৈ চিঠি.pdf/৯৯
অৱয়ব