তোমাক কব লগীয়া কথা নাছিল। কিন্তু মোৰ ভাগ্য আকাশত এই মই আজি ছিলঙ এৰি যাব পাৰোঁ, ছটা কি কলা মেঘ আকৌ উঠিল! সেইটো কাপুৰুষৰ কাম হব। মানুহৰ অন্তৰ ইমান অবুজ নে? মানুহৰ ভালপোৱ| ইমান আৱশ্যক নে? ভালপোৱা মানুহৰ নিতান্ত নিৰ্দ্দিষ্ট সংখ্যা থকাহে বাঞ্ছনীয় নে? অৰুণাৰ স্বাস্থ্যোন্নতিৰ ফালে মই চাম। বুলি কেতিয়াবা কেতিয়াবা বেজাৰ কৰে। পৰীক্ষা দিব নোৱাৰিলে তেওঁলৈ তুমি মৰমিয়াল এটা বছৰ ক্ষতি হল, হল। চিঠি লিখিবা। ভাল হব, ভয় নকৰিবা। মই ছিলঙত ঘৰে মাটিয়ে কিনাৰ কথা আছিল। তুমি চাই নিদিলে আৰু ঘৰ নলওঁ। অলক্ষ্মী ঘৰত থাকি শান্তি নহব। তোমাৰ মাৰালৈ মোৰ মনত পৰিছে। তুমি পৰীক্ষা দি যোৱালৈ চাগৈ তেখেতসকলে উদ্বিগ্নহৈ আছে। তোমাৰ ভাইটি ইবেলি কোন ক্লাছত? অৰুণাই তোমালোকলৈ চিঠি লিখিবলৈ ভয় কৰে—কিজানি তোমালোকে তেওঁৰ চিঠিবোৰ হাতত লবলৈ ঘিণ কৰা। ধুনীয়া ফুল পাহিৰ দৰে তেওঁৰ চকুলো ভৰা চকুদুটি। জগতখন এনে ‘আইৰণিৰে ভৰা। তোমালৈ স্নেহেৰ। ইতি তোমাৰ— প্ৰকাশ
পৃষ্ঠা:অলকালৈ চিঠি.pdf/৯৮
অৱয়ব