যিনি পাহৰিলেও অলপ অলপ মনত আছে। তুমি ভৈয়ামত কিতাপখন পাৰা, পঢ়ি চাবা, আমাৰ ইয়াত তেনেবোৰ কিতাপ নীলাচলত কাছকণী। কি আছে চান— “জয়মালা তাত হয় বজ্ৰপাত পৰে ফুল বৰষুণ প্ৰেম ৰ'দালিয়ে চুলি মেলি দিয়ে কৰে ভোমোৰাকে খুন।” যদি কবিৰ বৰ্ণনাত তুমি সন্তুষ্ট নোহোৱা মোৰ নিজৰ কল্পনাৰে টানি টুনি তোমাক এটা চিত্ৰ দিব পাৰোঁ। খৃষ্টিয়ানী স্বৰ্গখন ভাল কিজানি? আমাক এগৰাকী বুঢ়ী মেমে কৈছিল, — আমি কলেজত পঢ়া দিনত। মই আৰু বহুত ডেকা ল'ৰা আছিলো। তেখেত তেখেতৰ গিৰিয়েক আৰু নিজলৈ আঙুলিয়াই কৈছিল যে স্বৰগত তেখেতসকলৰ এৰা এৰি নহব, দ্বন্দ খৰিয়ালো নহব, ইংৰাজীত নকলে মোৰ ইন্স, পিছেন নাহিছে—“I and my husband, we never, never shall part,—never shall we have a cross-word.” আজিকালিৰ দিনত “ক্ৰছ-ৱৰ্ড” ( পাজল) কৰা ল'ৰাবোৰে চাগৈ ভাবিব-কি নিষ্কৰ্ম্মা- জগত! যাওক। আমাৰ ভিতৰত এজন আছিল অলপ টেটোন, তেওঁ দুধিলে—“আপুনি কোনজন গিৰিয়েকৰ লগত থাকিব, এইজন নে আগৰ জন?” বেচেৰী এবাৰ বিধবা হৈছিল। ইয়াৰ পিছত তেখেতে উত্তৰ দিবলৈ টান পালে, আমি আমাৰ বন্ধুজনক কলোঁ— “যোৱা, ষি পোৱা তাকে কোৱা৷” দেখা যায়, সেই স্বৰ্গতো অলপ ‘পাজল্’ আছে। 500
পৃষ্ঠা:অলকালৈ চিঠি.pdf/১০০
অৱয়ব