কথা মনত পৰিলে ঘৰত নিজানত মোৰো চকুলো ওলায়। These - human reactions, I do not understand. এবাৰ শদিয়া এৰি গুছি আহিছিলো — মনৰ নিতান্ত ক্ষিপ্ততাত। তেতিয়া সকলো কথা তোমাক জনাব পৰা অৱস্থাত নাছিলো। নিজানত বহি কেৱল আত্মোন্নতিৰ কথা ভাবিছিলো। নিজে কেনেকৈ কিবা এটা হওঁ,–কেনেকৈ মোৰ কথাৰ মূল্য বাঢ়ে, ব্যক্তিত্বৰ আদৰ বাঢ়ে, জ্ঞানৰ গৰিমা প্ৰত্যেক কথাৰ মাজেদি ব্যক্ত কৰোঁ এনে এটা অভূতপূৰ্ব্ব আকাঙ্ক্ষা আৰু অহঙ্কাৰৰ ছাঁ মোৰ প্ৰত্যেক কামতে পৰাত ভাবিলো — জন বহুল সমাজৰ মাজলৈ গৈ এবাৰ নিজক পাহৰিবলৈ চেষ্টা কৰে॥ য'ত তোমাৰ আৰু মোৰ বাবে সমান আসন নাপাওঁ, গৌৰৱৰ ওখ টিঙো মোৰ ভাল নালাগিব, সেয়ে মোৰ কাইটীয়া বিচনা হব। সেই কাৰণে ছিলঙলৈ আহিলো। মোৰ জন৷ আছিল— ৰাজধানী ' বোৰ প্ৰাণহীন, ইয়াত কোনোৱে কাৰো বাবে নাভাবে। মই মুক্ত হৈ সকলো ঠাইতে সোঁমাম, সকলোৰে পৰা ওলাই আহিম,—প্ৰকৃতিক ভাল পাম, তোমাক শ্ৰদ্ধা কৰিম, নিজক পাহৰিম, সৰি পৰা ফুল পাহিৰ লগতো কথা পাতিবলৈ আহৰি পাম। মই ছিলঙত থাকি সেই কাৰণেই ভাল পাইছিলো। মোৰ কান্ধলৈ বল আহিছিল, অন্তৰলৈ দৃঢ়তা আহিছিল আৰু মনলৈ প্ৰফুল্লতা আহিছিল। তোমাক কোন এজনে অলপ আদৰ জনাইছিল মই তাতেই চঞ্চল হৈ পৰ৷ কথা তুমি নিশ্চয় বুজিছিলা। মই এতিয়া তাৰ ঠাইত দৃঢ়তৰ বান্ধোনৰ শিকলি ৰচিছিলো,—হব পাৰে মূৰ্খৰ দৰে। এইবোৰ কথা সাধাৰণ অৱস্থাত 205
পৃষ্ঠা:অলকালৈ চিঠি.pdf/৯৭
অৱয়ব