কৰিলে হাস্পাতালৰ ডাক্তৰৰ লগত কথা পাতোঁ, খাদ্য সম্পৰ্কে অৰুণাক সোধোঁ, খুৰাক আহিছিল নে নাই, নহলে কলৈ গল ইত্যাদি কথা পাতি মই যেতিয়া গহীন হৈ যাব ওলাওঁ—তেওঁ সোধে অলকাৰ চিঠি কিবা পাইছে নেকি? মই তোমাৰ কথা কওঁ,–তেওঁ কাণ পাতি শুনে, মোক বহিবলৈ অনুৰোধ কৰে, বহুত সময়ত এটা মুখ বন্ধেৰে — “যদি আপোনাৰ বিশেষ ক্ষতি নহয়--।” মই বহি কথা পাতোঁ, তাৰ পিছতহে তেওঁৰ প্ৰকৃত ৰূপ ধৰা দিয়ে। তেতিয়া যি ধুনীয়াকৈ কথা কয় তাত মুগ্ধ নোহোৱাকৈ থকা টান। মই আগেয়ে জানো তেওঁক বুদ্ধিমতী বুলি। তুমি অলপ দুষ্টালি কৰিছা, তোমাৰ চিঠিত মই তেওঁৰ এটা বৰ্ণনা দিয়া বুগি তুমি কৈছিলা। তেওঁ মোক প্ৰায় সোধে — “আপুনি মোৰ বিষয় কেনেকৈ ইমানবোৰ মনত ৰাখিলে?” এইবোৰ প্ৰশ্নৰ “কিয়” আৰু “কেনেকৈ”ৰ সমিধান দিয়া বৰ টান কথা। মোক অলপমান নিৰুত্তৰ হৈ থকা যেন দেখিলেই সোধে “বাৰু, আপুনি অলকাক কেতিয়া চিনিলে, কেনেকৈ, কওকচোন। ইমানবোৰ পুৰণি কথা কবলৈ কাৰবাৰ ভাল লাগে নে? কেতিয়াবা তেওঁ তাতোকৈ নিৰ্দয় ভাবে কয় – “ আপুনি চাগৈ অলকাৰ কথা ভাবি থাকোঁতে মোৰ খবৰ লবলৈকে পাহৰে!” এইবোৰ কথা বাৰ নিৰ্দয় যেন লাগে। ছোৱালী যে ইমান কঢ় হব পাৰে মোৰ ধাৰণা নাছিল। মই তেওঁক বেয়াকৈ কব নোৱাৰোঁ। মোৰ চকুত পৰে তেওঁৰ anguished soul, - ৰোগশুষ্ক দেহ। মই সান্ত্বনা দিবলৈ বিচাৰোঁ, মৰম কৰিব খোজোঁ। কেতিয়াবা তেওঁ কান্দে। এইবোৰ
পৃষ্ঠা:অলকালৈ চিঠি.pdf/৯৬
অৱয়ব