(02) ছিলঙ অলকা, তোমালৈ চিঠি লিখাত অৱশ্যে বহুত দিন পলম হল, ক্ষমা কৰিবা। শ্ৰীমতী অৰুণাৰ স্বাস্থ্য এতিয়া বহুত ভাললৈ আহিছে। তেওঁ এতিয়া মাজে মাজে হাঁহেও, কথাও পাতে। মাজে মাজে মন মাৰি বহি থাকে। মই তেওঁক চাবলৈ যোৱাত পলম হলে খং কৰে। খং কৰি গালি নাপাৰে, নিজৰ প্ৰকৃত ৰূপটো লুকুৱাই পেলায়। তাৰ পিছতে ঠিক যেন আন এজনী ছোৱালীয়ে কথা পাতে। লাহে লাহে কথা কয়, জুখি জুখি শব্দবোৰ পেলায়,—নিতান্ত আৱশ্যকীয় বুলি ভবা কথাখিনি কয়, অসুখৰ মাত্ৰাটো অলপ বেছি বুলি কয়, ইয়াত ভাল লগা নাই, ঘৰলৈকে যাব— তেওঁৰ আলপৈচান ধৰা মানুহজন অপৈণত, লগত অহা দদায়েকৰ ঘৰত কাম আছে, সৰহদিন ইয়াত থকা অসম্ভৱ — তেওঁৰ নিচিনা এজনী ছোৱালী মৰিলেই বা থাকিলেই তাত কাৰ কি হব—এনে সুৰত কথাবোৰ কয়। তুমি প্ৰায় অনুমান কৰিবা যে তেওঁ অভি যুক্তিযুক্ত কথাবোৰ কৈছে। মই তেওঁৰ শিতানত থকা চাৰ্টখন চাওঁ, ৰঙা চিয়াহিৰে লিখা কথাবোৰ পঢ়োঁ, আৱশ্যক বিবেচনা
পৃষ্ঠা:অলকালৈ চিঠি.pdf/৯৫
অৱয়ব