কিন্তু ব্যৱহাৰিক জগতে কয়— “ৰথা!” মই ব্যৱহাৰজীৱী, এই কথাটো তুমি নাপাহৰিবা! ভাৱালী, যাদৱপুৰ ইত্যাদি বোৰ ঠাইৰ নাম কৈ বেচেৰীক হতাশ আৰু ভীত কৰি যেন কোনোৱে নোভোলে। মৃত্যু সকলো ঠাইতে আছে, আমি সদায় তাৰ গৰাহুতে আছো, যেতিয়ালৈকে সি তাৰ বিকট মুখ নজপায় তেতিয়ালৈকেই আমাৰ জীৱন। ভয় মৃত্যুতকৈও ভয়াবহ আৰু অনিষ্টকাৰী। যদি তথাপি তোমালোকৰ ধৈৰ্য্যই নামানে, মোলৈ টেলিগ্ৰাম কৰিবা, মই যাম। মোৰ দায়িত্বখিনি ধীৰে দুস্থিৰে ভাবি চাবা কিন্তু। আৰু যদি তোমাৰ এই বন্ধুজনা মই অনুমান কৰা জনা নহয়, তথাপি একো আপত্তি নাই, কিন্তু মোৰ চিঠিত যে আন এজনী ছোৱালীৰ বৰ্ণনা কৰা আছে এইটো অনুগ্ৰহ কৰি তেওঁক জানিব নিদিবা। তেওঁ আঘাত পাব। এনেও হব পাৰে যে মোৰ চিকিৎসালৈ আহিবলৈও অনিচ্ছা কৰিব। ৰোগীজনীৰ প্ৰতি মৰম ৰাখি আচৰণ কৰিবা। তোমাকে ঠাট্টা কৰিবৰ মন আছিল, কিছুমান কথা মোৰ জমা হৈঙ আছিল। আজিলৈ আৰু একো কোৱা তোমালোকৰ বিশ্বাসত মই মুগ্ধ হৈছে৷। ইতি নহব। মোৰ প্ৰতি তোমাৰ- প্ৰকাশ
পৃষ্ঠা:অলকালৈ চিঠি.pdf/৯৪
অৱয়ব