অলকা, ( ৩১) ছিলঙ তোমাৰ চিঠি পাই অলপ চিন্তাত পৰিলো। অৰুণ৷ কোন জনা ছোৱালী? মই ইয়ালৈ আহোতে তোমাৰ লগত ষ্টেছনলৈ আহিছিল জানো? নাকটো অলপ শকত, আগটো অলপ ভাটোৰ ঠোঁটৰ দৰে, বাও পাহৰ আধামানত এটা তিল, ওঁঠত ঘন নোম, বৰণত বগা, চেলাউৰি যোৰ টনা আৰু দীঘল, ছুটি চাপৰকৈ, সেই ছোৱালীজনী? দেখিবলৈ ধুনীয়া বৰং attractive? যদি তেওঁৱে হয়,— বেচেৰীৰ অসুখৰ অৱস্থাত মই এনেকৈ নবৰ্ণালেও হ'লহেঁতেন। একো ভয় খোৱাৰ কাৰণ নাই, যুখেৰে তেজ পৰিলেই একেটা নৰিয়াই হব, তাৰ একো অৰ্থ নাই। তেওঁৰ পৰীক্ষাৰ সময় তাতে, –তোমাৰে৷ অৱশ্যে। বেছি 'নাৰ্ভাছ' নহবা। যদি হোটেলৰ পৰা ওলাই আহিবলৈকে কৈছে আৰু তেওঁ ছিলঙলৈকে আহিবলৈ ইচ্ছা কৰে, মই অৱশ্যে যিখিনি পাৰে। যত্ন লম। তেখেতৰ ঘৰৰ পৰা কোনোবা মানুহ লগত আহিলেহে পুবিধা হব, মই অৱশ্যে ইয়াত আগধৰি হোটেলত বোলা বা ডাক্তৰ থানাত এখন ছিটৰ আয়োজন কৰি ৰাখিব পাৰোঁ। মই গৈ অনাৰ যিটো প্ৰস্তাৱ কৰিছা, তাত অলপ অসুবিধা আছে। তোমা- লোকৰ সৰলতা মই বুজিছো, কিন্তু সামাজিক আচৰণৰ বন্ধা নীতি বা code বোৰ বহুত সময়তে মই ৰাখিব খোজেঁ॥ ৰাখিব নোখোজে।,
পৃষ্ঠা:অলকালৈ চিঠি.pdf/৯৩
অৱয়ব