এই ল'ৰাবোৰক প্ৰাণ দিব, কোৱাচোন। তুমি সুধিছিগা ছোৱালীৰ সম্পৰ্কে, মই কলো ল'ৰাৰ বিষয়ে; ধৰি লোৱা অবান্তৰ। মোৰ চিঠিত “Girls as such” বোলাৰ উদ্দেশ্য হৈছে, ইয়াত ঠিক তেনে “গাৰ্ল ” নাই, প্ৰায়বোৰে “Kids" or "Babes”. তোমালোকৰ জাতিটোকে অপমান কৰা বুলি ভাবিছা চাগৈ? মই কাৰণ দিওঁ। যিবোৰ দুখীয়া কামকৰা শ্ৰেণীৰ তিৰোতা, তেওঁলোকৰ ছোৱালীবোৰে সচৰাচৰ শিক্ষাৰ মুখ নেদেখাকৈয়ে বাপেক মাকৰ তত্ত্বাৱধানত থাকি নিজে গৃহস্থালি পতা দিনলৈকে অপেক্ষা কৰে আৰু এদিন তেনেকৈয়ে অইন এজনৰ হাতলৈ হস্তান্তৰিত হয়। এইবোৰক চিৰন্তন নাবালিকা বুলিব পাৰা। যিবোৰ মধ্যবিত্ত শ্ৰেণীৰ ভদ্ৰলোকৰ ছোৱালী স্কুললৈ যায়, তেওঁলোকৰ অবিবাহিতা শিক্ষয়িত্ৰী কেজনীয়ে আদৰ্শ, – মেম শিক্ষয়িত্ৰী বোৰৰ জীৱনৰ ভু বৰকৈ নাপায়, আমাৰ দেশীয়বোৰক শ্ৰদ্ধা কৰে, ঠাট্টা কৰে, আদৰ্শৰ ফালৰ পৰা অনুকৰণ কৰে। এনেতে যদি বাপেক মাকে ভিতৰে ভিতৰে বিয়াৰ দিহা কৰিব পাৰে তাকে কৰে – আৰু বিয়াৰ পাঁচ দিন আগে ছোৱালীজনীয়ে সহপাঠিকা আৰু শিক্ষয়িত্ৰীবোৰৰ পৰা অশ্ৰুভাৰাক্ৰান্ত কণ্ঠেৰে বিদায় লয়—এয়ে তেওঁৰ স্বাধীন জীৱনৰ শেষ যৱনিকা। যিবোৰে পাঠ্যাৱস্থাত বিয়া নোসোমায় বা যাৰ সুবিধা নহয়, তেওঁলোকে পাছ কৰাৰ পিছত ঘৰতে কিছুদিন অপেক্ষা কৰে, ইতিমধ্যে অভিভাৱকে ভৈয়ামৰ পৰা যোৱা কোন কোন ডেকা কোন অফিছত সোমাল আৰু কেতিয়া কনফাৰ্মড় হব পাৰে ইত্যাদিবোৰ খবৰ বাতৰি লয়। কেতিয়াবা বিয়াৰ কথা উঠে, কেতিয়াবা পৰে, ১৫ -
পৃষ্ঠা:অলকালৈ চিঠি.pdf/৮৯
অৱয়ব