শীহ, ঠাৰি সকলো একেলগে এজাউৰি বৰষুণৰ পিছতে পিত খাই থাকিল হয়, তুমি এখন মোহাৰণি থোৱা জগত দেখিলা হয়। মই ছিল ভক ভাল পাওঁ তাৰ ঠৰঙ্গ। গছবোৰৰ বাবে, সৰল গছবোৰক ভাল পাওঁ তাৰ uncompromising পাতবোৰৰ বাবে। (They stand and stand infinitely, apart.) ছোৱালীবোৰক যদি ভাল পাওঁ— তেওঁলোক অকল ছোৱালী বুলি নহয়,—পৌষ কৰ্কশতাৰ পৰা তেওঁলোক অলপ জুৰণি, সেইবুলি। মহাভাৰত-বৰ্ণিত প্ৰমীলা ৰাজ্যত মোক কাৰাবাস দিয়াৰ সমান শাস্তি একো নহলহেঁতেন। আৰু যেতিয়া ল'ৰাবোৰক ছোৱালীৰ ধৰ্ম্ম আচৰণ কৰা দেখোঁ, মোৰ টিকনি থকা হলে থিয় হলহেঁতেন। অসমত ছোৱালীৰ আকাল হৈছে নে যে ডেকা ল'ৰাবোৰে মুখত ৰঙ, পমেটম সানি বাটে বাটে বহুৱালি কৰিব লাগে। সিহঁতৰ এখন হাত তুমি তুলি লোৱা আৰু লাহেকৈ এৰি দিয়া, আধাঘণ্টালৈকে তোমাৰ হাতখন বিলাতী গোন্ধত মলমলাই থাকিব। সিহঁতৰ মুখলৈ চোকা দৃষ্টিত চোৱা, আধা ইঞ্চি ডাঠ পাউডাৰৰ লেঙৰ তলত মৰিচা ধৰা ছালৰ শেষ জ্যোতিখিনিও কেমিকেলবোৰেৰে নষ্ট কৰিবলৈ ওলাইছে। তেওঁলোকে তাকে বোলে ‘টইলেট’ ৰুমালৰ গোন্ধ, সেইটো হেনো ‘প্ৰিছনৰ’ বাবে। গান্ধীৰ উদং বুকুখন কোনো দিন তেওঁলোকৰ কল্পনাতো উদয় নহয় নে? একেখনি গাৰ কাপোৰেৰে দিল্লী, চিমল 1, শীতপ্ৰধান ঠাইবোৰ ঘুৰি ফুৰে—বুঢ়াৰ ‘প্ৰিকছন' ক’ত? এওঁলোক ৰ সপ্তম পুৰুষৰ গৌৰৱৰ চূড়ান্ত ৰাজপ্ৰাসাদত ৰঙ্গাৰে সৈতে ভেট গান্ধীয়ে এই বসন ভূষণেৰে কৰা নাই নে? কিহে ১৪ কৰা।
পৃষ্ঠা:অলকালৈ চিঠি.pdf/৮৮
অৱয়ব