এনেকৈয়ে জীৱনৰ চকৰি কিছুদিনলৈ বাগৰি যায়। হঠাৎ এদিন বুঢ়াই ঠাঢ়াই এটা পাত্ৰ উপস্থিত হয় আৰু তাৰে সৈতে মাঙ্গলিক সমাধা হয়। অলপমান ডাঙৰ হলে, বিয়া নহলে এটা বদনাম। বিয়াই যেন মানুহৰ জীৱনৰ তাজমহল! তাজমহল হয় এই অৰ্থভ যে বহুতৰ এয়ে সমাধি মন্দিৰ। ছোৱালীৰ ব্যক্তিত্ব ফুৰণৰ সময় ক'ত? “গাৰ্ন” বোলাবলৈ, নিজৰ অস্তিত্ব লোকক জনাবলৈ সুযোগ কেতিয়া পালে? দুখন এখন চোৰাং চিঠি, এটি অতৰ্কিত গুপ্ত ইঙ্গিত, এটা উদ্বিগ্নতাৰ হুমুনিয়াহ ইয়াৰে জীৱনৰ অভিলাষ, ব্যক্তিত্বৰ সৌন্দৰ্য্য, বৰ্দ্ধিষ্ণু কালৰ গৌৰৱ ব্যক্ত কৰিব পাৰি নে? মই বেয়া বোলা নাই, বৰ্ণনাহে কৰিছো। যদি দুই এজনী ছোৱালী বয়সত বুজন হোৱাৰ পিছতো স্বাধীনভাৱে জীৱন যাপন কৰিব খোজে, বহুতে সগৰ্ব্বে তেওঁৰ পথ আগচি ধৰে, কোনোৱে সমাজৰ বান্ধোন-জৰি লৈ, কোনোৱে কামনাৰ মত্ত-পাশ লৈ। এইবোৰৰ হাত এৰুৱাই পলাব পৰা কেজনী ওলাব সন্দেহ। মই গৌৰৱ মাল্য দিব পৰা হলে তেওঁৰ মূৰত দিলো হয়। মোৰ প্ৰিয় কোন? বহুত। তেওঁলোকৰ নামবোৰ যদি তোমালৈ লিখি দিওঁ আৰু তেওঁলোকৰ খবৰ লৈ থকা ভাবী শহুৰেক বোৰে ভাৰ কিবা উমঘামহে পায়, তেওঁলোকৰ এই জনমত কিয় অহা জনমতো বোধ হয় বিয়া নহব। এওঁলোকৰ উজ্জ্বল ভবিষ্যতবোৰ কিম্ন নষ্ট কৰে৷? আমাৰ ব্যৱসায়ৰ ৰীতি, কোনো বয়সিয়াল ছোৱালীৰ লগত অকলশৰীয়া হৈ কথা পতা বেয়া, মাকে যদি মোৰ লগত ১৬
পৃষ্ঠা:অলকালৈ চিঠি.pdf/৯০
অৱয়ব