সমললৈ যাওক

পৃষ্ঠা:অলকালৈ চিঠি.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

"কিতাপবোৰত ভেকুৰ ধৰিছে।”— তহঁতৰ বায়োলজিৰ “ মিউকৰ” এটা কথা I think, আধ্যাটো তোৰ নপঢ়িলেও চলিব—এই বুলি কলো হয়। অলকা, – Do men love women for their sex? sex is a hindrance. যাওক, তুমি পৰীক্ষা দি উঠা। এইবোৰ সম্প্ৰতি অবান্তৰ কথা। মই ক্ষিতীনৰ চিঠি পাইছো। তাৰ তোমাক বিয়া কৰাৰ একাত্ত আগ্ৰহ থকা বুলি কয়, কিন্তু অবাধ্য হব নোৱৰা বুলি কয়। বাপেক মাকে পতা ধৰণে বিয়া বহাকে যদিও বহুতে ভাল ইপিনে পিতাক মাকৰো মই এইবোৰ কথা নুবুজোঁ। কৰাব খুজিলে চকু মুদি বিয়াত বোলে, ম‍ই সেইটোৰ সমৰ্থন নকৰে॥ কাৰে৷ বাপেক মাকতো কাণ্ডজ্ঞানহীন নহয়। যদি ল'ৰাই বুজাব পাৰে যে আচলতে তেওঁৰ জীৱনটো তেনে ঘৰত বিয়া কৰালে অ মুখীয়া হব, তেনেহলে বাপেক মাৰ মন নলৰিব বুলি মই নাভাবোঁ। কিছুমান বাপেক মাকে অৱশ্যে ল'ৰাৰ মতক মত বুলিয়ে নাভাবে—কিছু মান ক্ষেত্ৰত ল'ৰাই মুখেৰে যিয়ে নক’ক, কাৰ্য্যক্ষেত্ৰত তেওঁলোকৰ কোন পত্নী হয় সেই বিষয়ে উদাসীন আৰু সাধাৰণতঃ বহুতে তেনেকৈয়ে ঘৰ পতা দেখা যায়। ম‍ই এই বিষয়ত অনভিজ্ঞ। কথাটো অৰতাৰণা কৰাৰ বাবে তুমি বেয়া নাপাবা। তোমাৰ অন্তৰৰ গভীৰতালৈ মোৰ শ্ৰদ্ধা আছে বুলিহে এই কথাবোৰ একো সঙ্কোচ নকৰাকৈ উল্লেখ কৰিছো। আমাৰ বিয়াবোৰত ছোৱালীৰ একো মাত নাই। এই কথাটো ম‍ই ভাল নাপাওঁ। মই গোপন বিয়াৰ পক্ষপাতী নহওঁ,