সেইটোও তুমি জানা। মুছলমানবোৰৰ ধৰ্ম্মমতে ছোৱালী বুজন হলে সম্মতি লৈ বিয়া দিয়া প্ৰথাটো বেয়া নহয়। তেওঁলোকেও এইটো এতিয়া এটা আত্মাহীন প্ৰথা (form) ত পেলাইছে, কিন্তু মূলতঃ বস্তুটো ভাল আছিল। বাপেক মাক জীয়েক সকলোৱে বহি বিয়াৰ প্ৰস্তাৱবোৰ আলোচনা কৰিব নোৱাৰে কিয়? বাপেকে গৰু বা ঘোঁৰা এজন বা পুৰণি মটৰ গাড়ী এখন কিনিলে জুইৰ গুৰিত পৰিয়ালৰ সকলোৰে আগত কথাটে৷ আলোচনা কৰিব পাৰে আৰু ছোৱালী এজনী চিৰদিনলৈ মানুহ এজনলৈ বা পৰিয়াল এটালৈ উলিয়াই দিব— ইয়াৰ ভাল মন্দ প্ৰকাশ্যে আলোচনা কৰিব নোৱাৰে কিয়? ল'ৰাজনৰ নাম উল্লেখ কৰিলেই ছোৱালীজনী ভবিষ্যতৰ কল্পনাত নাইকিয়া নহয়। বিজ্ঞলোকে কবৰ নিচিনা — “We might pass through the fire but perish in the smoke.” বোধ হয় ক্ষিতীনৰ ওপৰত খঙতে তোমালৈ চিঠি অযথাকৈ দীঘল কৰিলো। যদি এই বিষয়ে ক্ষিতীনলৈ মই কিবা লিখা আৱশ্যক বুলি ভাবা, মোক নিঃসন্দেহে কব পাৰা। তুমি কিন্তু একোতে যেন আঘাত নোপোৱা, সেই আঘাতৰ প্ৰতিক্ৰিয়া ক'ৰবাত কেনি বেছি হয়। মৰম লবা। তোমাৰ ভাইটিলৈ মোৰ মৰম আৰু মাৰা দেউতাৰালৈ শ্ৰদ্ধা জনাবা। ইতি তোমাৰ— প্ৰকাশ
পৃষ্ঠা:অলকালৈ চিঠি.pdf/৮৬
অৱয়ব