( ২৯ ) ছিলঙ অলকা, - তুমি চিঠি দিয়াত পলম কৰি মোক অলপ ব্যস্ত কৰিছিলা, সচা কথা। কিন্তু যিখন চিঠি লিখিছা তাতেই ক্ষতিপূৰ্ণ হৈ গৈছে। মই জানো তুমি ধুনীয়া চিঠি লিখিব পাৰা, অকল চিঠি লিখাত কিয় বহুত বিষয়তে তুমি ধুনীয়া। এইটোৱে এটা পৰিতাপৰ বিষয়, নহয় জানো? “কালো মেয়েৰ কালো হৰিণ চোখ” বুলি কবিতা এফাকি মাতি পৰাহেঁতেনো ভাল পালো হয়। হৰিণ-চকুৱা হলেও বৰণটো ক'লা- এয়ে মোৰ ভিতৰত সন্তোষ দিলে হয়, কিন্তু ছোৱালী ধুনীয়া, চকুৱো ধুনীয়া এইটো কবলৈ গলে অলপ ‘ইনফিৰিয়ৰিটি কমপ্লেক্স” অনুভৱ কৰা যায়। কিন্তু তথাপি তোমালোকে পুতৌ নকৰা, এয়েছে অদৃষ্টৰ পৰিহাস। তোমাৰ প্ৰশ্নবোৰ মই ভাল পাইছো। কেতিয়াবা মোৰ ধাৰণা হয়, তুমি ছোৱালী নোহোৱাহেঁতেন ভাল আছিল। তুমি ল'ৰা নহুলা কিয়, মোৰ ভাই নহলা কিয়? অঙহি বঙহি যাৰে তাৰেই ল'ৰা নহলা কিয়? মই বন্ধৰ আগতে লিখি দিলো হয়—“তই ছুটিৰ দিন কেইটা ইয়াত থাকিবিহি, দেউতাৰলৈ মই লিখিম, তই চিঠি নিদিলেও চলিব।” কিমান লাগতিয়াল, অলাগতিয়াল কথাৰ মাজেদি তোমাৰ দিন কেইটা অতিবাহিত কৰি দিলো হয় আৰু যাবৰ সময়ত কিতাপ কেখন মচি-কাচি বাকচত ভৰাই এটা অৰ্থপূৰ্ণ হাঁহি মাৰি কলা হয়— 5°
পৃষ্ঠা:অলকালৈ চিঠি.pdf/৮৪
অৱয়ব