সমললৈ যাওক

পৃষ্ঠা:অলকালৈ চিঠি.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কিবা ফৰ্মুটি মাৰোঁ, সেইবোৰো হাঁহি নিলগতে ধৰিবলৈ চেষ্টা কৰিবা। বেছি দুৰলৈ নাযাম বোধ হয়, গলেও ঘূৰি আহিম বুলি অলপ বেলি চাবা। কথা বহুত সময়ত কওঁ মনৰ থেদ পুৰাবলৈ, নিস্তব্ধ হৈ থাকোঁ বিষয়ৰ গভীৰতা অনুভৱ কৰিবলৈ, স্নেহৰ আবেগখিনি সামৰি লবলৈ। তোমাক কিবাবোৰ কৈ অলপ বেয়াহে লাগিছে। বাৰু, আৰু নকওঁ। তোমাৰ ভাইটিক কৰা যে মই তালৈ পোৱালী কেৰ্কেটুৱা এটা পঠিয়াম। তোমাৰ মাৰা-দেউতাৰাক মোৰ শ্ৰদ্ধা জনাবা। ক্ষিতীনলৈ মই এতিয়ালৈকে চিঠি লিখিব পৰা নাই, লিখিম। ইতি তোমাৰ— প্ৰকাশ