( - )
কলিকতা
.............
অলকা,
তোমাৰ চিঠিখন পাই ইংৰাজীতে তোমালৈ চিঠি লিখিবলৈ প্ৰবৃত্তি এটা হৈছিল, কিন্তু মোৰ ইংৰাজী পাঠটো চাগৈ ভাল নাপাবা, সেই কাৰণে নিজৰ ভাষাতে আৰম্ভ কৰিলো। পৰাধীন জাতিবোৰৰ প্ৰাণবোৰত বোধ হয় এনেকৈয়ে মামৰে ধৰি যায়। আমেৰিকাৰ কিছুমান আদিম অধিবাসীক বৰ্তমান কৰ্ত্তৃপক্ষই চৰিয়াত মাছ জীয়াই ৰখা দি ৰাখিছে, সিহঁতক পুৰণি ধৰণে ঘৰ সাজি দিছে, পুৰণি ধৰণে থাকিবলৈ আহিলা-পাতি যতনাই দিছে, পুৰণি আচাৰ ব্যৱহাৰো ৰাখিবলৈ ব্যৱস্থা কৰি দিছে। অভিনয়টো ভাল হব পাৰে কিন্তু এই মহানুভৱতাৰ গুৰিত এটা উপহাসৰ কলহাস্য নুশুনা নে? অলপ উজাই যোৱা দেখিবা, এই মহানুভৱসকলৰ পূৰ্ব্বপুৰুষসকল কি আছিল,—তেওঁলোকে আকৌ সেই দিনলৈ ঘূৰি যাব নে? কাপোৰ পিন্ধিব নে? তেনেকৈ মাটিত বহি গাহৰি পুৰি খোৱা
কামোৰা কৰি ভগাই খাব নে? যদি তেওঁলোকে তেনে নকৰে, এই আদিমবাসীসকলৰ নগ্নজীৱন ধেমালিৰ সামগ্ৰী কৰিছে কিয়,—সিহঁত পৰাধীন, সম্বলহীন, সেই কাৰণে? আমিও তেনে চৰিয়াৰ পানীৰ মাছ!
তোমাৰ ধুনীয়া চিঠিখনৰ উত্তৰ দিবলৈ গৈ, মই দেখিছো সদায়
১২