ভাবিছা, মই অনাৰ্যকীয় কথা কৈছো। ছোৱালীৰ লগত আৱশ্যকীয় কথা কবলৈ টান পাওঁ। তোমালোকে কেতিয়াও কামৰ কথা নোকোৱ৷, মই তোমালোকৰ লগত কি কামৰ কথা পাতিম? তুমি কিন্তু ওফন্দ নাপাতিবা দেই, মই সাধাৰণ ছোৱালীৰ কথাহে কৈছো,তুমি অসাধাৰণো হব পাৰা। বোধ হয় অসাধাৰণ বুলিলেহে ভালপাবা, কাৰণ ছোৱালীবোৰক হেনো অসাধাৰণ গুণৱতী বুলিলেহে ভাল পায়! মোৰ অলপমান খোকোজা আছে, গুণৱতী নে ৰূপৱতী? শাস্ত্ৰত বোধ হয় ছোৱালীক ৰূপৱতী বুলিলেহে ভাল পোৱাৰ কথা আছে, কিন্তু আজিকালি ল'ৰাক ৰূপহ আৰু ছোৱালীক গুণৱতী বুলিলেহে খাপ খোৱা উচিত।
তোমাৰ চিঠিত মোলৈ একেটা মাত্ৰ প্ৰশ্ন আছে; তাৰো যদি উত্তৰ নিদিওঁ, তুমি চাগৈ বেয়া পাবা। তোমালোকক এৰি আহি মোৰ মনটো কেনে লাগিছে? যেনে লগা যেন অনুমান কৰা তেনে লাগিছে। এইটো বোধ হয় ঠিক উত্তৰ নহল। যেনে নলগা হলে ভাল আছিল তেনে লাগিছে। অভাৱ বস্তুটো মই ভাল নাপাওঁ। ৰবা,⸺বাৰু যাওক।
মই তোমাক এটা অনুৰোধ কৰিব খোজে। —সৰু অনুৰোধ মোলৈ চিঠি লিখা ইমানতে নাসামৰিবা। মোৰ ফালৰ পৰা এটা কথা কৈ থওঁ,—চিঠি লিখোঁতে কেতিয়াবা মতৰ মাদকতাত কিবা কবগৈ পাৰোঁ; সেই কাৰণে কথাবোৰ কেতিয়াবা কেতিয়াবা তাৰ বাহিৰৰ দৃষ্টিত নলবা। কেতিয়াবা যদি অন্ধতাত তোমাৰ গালৈ
১০