ক্ষুণ্ডিলৰ ক'লা পানী, অলপ দূৰত থকা পৰ্ব্বতমালা, কলেজত পঢ়া ধুনীয়া এজনী ছোৱালী, মোৰ অস্পষ্ট ভবিষ্যত ইত্যাদি। তোমাৰ দ্বিতীয় প্ৰশ্ন— 'মানুহে মানুহক ভাল পাব পাৰে নে আৰু যদি ভাল পায় তাৰ অৰ্থ কি? এনে নিৰৰ্থক প্ৰশ্ন তোমাৰ নিচিনা বুদ্ধিমতী ছোৱালী এজনীয়ে কৰিব পাৰে বুলি মই ভবাই নাছিলো। মানুহে মানুহক ভাল পায় ভাল পোৱাৰ বাবে, তুমি চাগৈ মই কম বুলি ভাবিছা যে মানুহে লোকক ভাল পায় নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে। ভান পোৱাৰ আনন্দ অৰু স্বাৰ্থ সিদ্ধিৰ আনন্দ এই দুটাৰ মাজত স্বৰ্গ মৰ্ত্ত প্ৰভেদ। এই বিষয়ে তৰ্কত সোমাবলৈও মোৰ প্ৰবৃত্তি নাই। তোমালোক নতুন মানুহ তৰ্ক কৰাৰ উদ্যম আছে,—সময়ো থাকিব পাৰে। মই সকলোতকৈ কাক বেছি ভাল পাওঁ বা শ্ৰদ্ধা কৰো? তোমাৰ এইটো বৰ নিৰ্ভীক প্ৰশ্ন। মই সকলোতকৈ মোক নিজক বেছি ভাল পাওঁ, শ্ৰদ্ধা যেতিয়াই যাকে কৰোঁ তাকে প্ৰায়ে শেষ সীমাত ঠেলি থওঁ। সম্প্ৰতি কেবাজনৰ ওপৰতো শ্ৰদ্ধা আছে, তেওঁলোকক ডাঙৰ লৰু কৰিবলৈ মানদণ্ডেৰে জোখাৰ ইচ্ছা নাই। যাক শ্ৰদ্ধা কৰোঁ সেই সকলোবোৰ মোতকৈ ডাঙৰ ইমানখিনিলৈকে হে সম্প্ৰতি সাস্ত কৰিছো। মই ইয়াত থাকি সন্তুষ্ট আছে৷ নে? সন্তুষ্টি মই একৰকমৰ মৃত্যু বুলি ভাবো। মই সন্তুষ্ট হবলৈ অকণো আগ্ৰহ কৰা নাই। মনটোক অলপ থিতাপি লগাবলৈ যত্ন কৰিছো, তাকেই পৰা নাই, ইয়াত আকৌ १० e
পৃষ্ঠা:অলকালৈ চিঠি.pdf/৬৭
অৱয়ব