ভাৱে কম—“থৈ দিয়া তোমাৰ ফিলজফি, বহুত শুনিছো!” তুমি কৰা —“আপুনি একো নাজানে আক”। মই কম—“তুমি যি জানা বুলি অনুমান কৰা সিও নিচেই কম। বেৰৰ কাটেৰে পোহৰ আনি তাৰে wave length হে তোমালোকে পৰীক্ষাগাৰত চিনিবলৈ চেষ্টা কৰিছা, বাহিৰত বিপুল পোহৰ পৰি আছে বৰং তালৈ চাই এবাৰ মনটো ভাল লগাই আহা।” তুমি মোক গালি পাৰিবা নে ভাল পাবা, একো ঠিক কৰিব নোৱাৰি “চাহ আনে। বহক” বুলি মোক এৰি থৈ যাবা, মই চাহতকৈ তুমি অহালৈকেহে বেছি সতৃষ্ণভাৱে চাই থাকিম। তোমাৰ প্ৰশ্নবোৰৰে উত্তৰ দিবলৈ চেষ্টা কৰা যাওক। মোৰ মন এতিয়া কিহে বিশেষকৈ আকৰ্ষণ কৰিছে? মনটো প্ৰকৃতিষ্ঠ হওঁতে সময় লাগিছে। আই মৰাৰ পিছত মনটো বৰ শুদা শুদা যেন লাগিছিল, তাতে হাতত এটা মন প্ৰাণ নিৰত ৰাখিব পৰা কাম নথকাত মনৰ সাম্য অৱস্থা প্ৰায় যাওঁ যাওঁ হৈছিল। শ্ৰীযুত শৰ্ম্মাৰ ব্যক্তিত্ব বা সাধনালৈ শত নমস্কাৰ, কাৰণ সেয়ে মোক মোৰ অশান্তিৰ মৰুভূমিৰ মাজত শান্তিৰ ওৱেছিছৰ আভাস দিলে। শৰ্ম্মা কোন বুজিবই পাছি।। —যাৰ তত্ত্বাৱধানলৈ মোৰ চিঠি পত্ৰ দিয়া—আৰু যাৰ নিমাত গাম্ভীৰ্য্যৰ আভাস আগৰ চিঠিতে মই তোমাক জনাবলৈ চেষ্টা কৰিছিলো। মানুহৰ জীৱনটোকে পূৰা দৃষ্টিত চাবলৈ চেষ্টা কৰিছো,—এইটো শৰ্ম্মাৰ পৰা পোৱা শিক্ষা। মোৰ অৱশ্যে এই বিষয়ত হাত অহা নাই, কিন্তু বিষয়টো বৰ চিত্তাকৰ্ষক। চিত্তাকৰ্ষণৰ এইটো হল ৰেজিষ্টাৰ্ড বিষয়, ৰেজেষ্টাৰি নকৰা সৰু সৰু বিষয় কিছুমান আছে, যেনে— লুইতৰ পাৰ,
পৃষ্ঠা:অলকালৈ চিঠি.pdf/৬৬
অৱয়ব