নতুনকৈ থাপনা পাতো নে নাপাতো তাকেহে ভাবিছো। ব্ৰহ্মপুত্ৰখন ইয়াত বৰ বহল, তালৈকে৷ অলপ মায়া জন্মে। অতীতৰ গৌৰৱেও মোক অলপ মুগ্ধ কৰে। কিন্তু আচলতে কৃষ্ণ ইয়ালৈ আহিছিল নে ৰুক্মিনীক নিবলৈ? নিজৰ গৌৰৱৰ কথাটো মানুহে সহজতে বিশ্বাস কৰিব খোজে, প্ৰমাণ থাওক বা নাথাক’ক। ভীষ্মকৰ নগৰীৰ ভগ্নাৱশেষ থকা বুলি শুনিছো, মই যাবহে পৰা নাই। কুণ্ডিলৰ নিজাকৈ এটা majesty আছে আৰু যিখিনি ঠাইত ব্ৰহ্মপুত্ৰৰ লগত আহি এই নৈখন মিলিছে তাতো এটা নীৰৱ গাম্ভীৰ্য্যই তোমাৰ মন অতীতলৈ বৰকৈ টানিব। তুমিতো ইয়ালৈ নাহা, ময়ে তোমাৰ মনৰ অনুভূতিবোৰ কল্পনা কৰিছো। ইয়াত বাহিৰত বহিয়ে লিখা পঢ়া কৰোঁ। মোৰ লগত এচেৰেঙা ভাল ৰ'দ লাগিছে। পৰ্দাৰ আঁৰত আমাৰ ভিকভাবোৰ প্ৰায় ঘুণীয়া হৈ গৈছে আৰু তোমালোকৰ যিবোৰৰ ৰ'দ লগোৱাৰ স্বাধীনতা আছে তোমালোকেও স্বাভাৱিক ভাৱে ইয়াৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ এতিয়াও শিকা নাই যেন লাগে। মোৰ মনটো পাতল মেঘৰ আঁৰে আঁৰে ঘূৰি ফুৰিব লাগিছে। তাকে মাজৰ স্থায়ী সৌন্দৰ্য্যখিনি তোমালৈ পঠিয়ালো। ইতি তোমাৰ— প্ৰকাশ 98
পৃষ্ঠা:অলকালৈ চিঠি.pdf/৬৮
অৱয়ব