সমললৈ যাওক

পৃষ্ঠা:অলকালৈ চিঠি.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 23 ) শদিয়া অলকা, তুমি বি, এ, ত নাম লিখোৱা শুনি সন্তোষ পালোঁ। আগৰ দৰে মুক্ত থকা হলে ম‍ই নিজেই অনুৰোধ উপৰোধ কৰিলোহেঁতেন। হয় ভেমকে বোলা, নহয় ভণ্ডামিকে বোলা, মই বোথ হয় উদাসীনৰ ভূমিকাত কেদিনমানলৈ বিচৰণ কৰিছিলো, বা কৰা যেন দেখুৱাইছিলো। কিন্তু এফালে তুমি, আনফালে ভেম, — তুমিয়ে কোৱাচোন কোনটো মুগ্ধকৰ, অথবা কোনটোত তুমি আপোনপাহৰা হব পাৰা! অৱশ্যে তুমি আহি তোমাক মই থকা ঠাইখিনিৰ পৰা চাব লাগিব। ইংৰাজী নে ফিলজফি, - নে সংস্কৃত কোনটোত অনাৰ্ছ লোৱা ভাল মোক সুধি বোধ হয় মোক তুমি নিলিখিলেও মই উপলুঙা হে কৰিছা? কৰা, ভগৱানে দেখিব। প্ৰায় ধৰিব পাৰিছো তুমি “ফিলজফি”ত অনাৰ্ছ লোৱা সাৰ্য্যস্ত কৰিছা! মই বৰ ভাল পাইছো এই কাৰণে যে এই বিষয়টো সম্পৰ্কে মই একো নাজানো আৰু যেতিয়াই তুমি দত্ত সহকাৰে এই বিষয়ৰ কথা উলিওৱা (অৱশ্যে যদি কেতিয়াবা তোমাক লগ পাওঁ ) – মই নিৰ্বিকাৰ ৭১