BRYNESS উদঙ্গাই দেখুৱাই এনেকৈ কথা পাতিব পাৰে মোৰ ধাৰণাই নাছিল। আমি বেছি ভাগ মানুহে সাধাৰণতঃ গতানুগতিক কথা পাতোঁ, পৰনিন্দা কৰোঁ, ডাস্কোপ মাৰি কথা কওঁ, স্বাৰ্থ সিদ্ধিৰ ফন্দি সাজে। অথবা কোন পণ্ডিতে কি আয়ত্ত বা আবিষ্কাৰ কৰিলে তাকে কৈ গৌৰৱ অনুভৱ কৰোঁ,—কিন্তু এই আটাইবোৰ কথাই প্ৰাণৰ পৰা বহুত দূৰত। তেখেতৰ কথাবোৰত এটা অননুভূত স্পন্দন আছে। আগত নাথাকিলে বা মুশুনিলে উদাহৰণেৰে বুজাব নোৱাৰিম। মই অকল কাণ । পেলাই শুনি থাকিলেই তেখেতৰ প্ৰতি মৰ্য্যাদ৷ দেখুওৱা নহয় যেন অনুমান কৰিবলৈ ধৰিলো,—“লহ তোমাৰি দীনেৰি যোগ্য ক'ৰে” – মোৰ প্ৰাণত অহৰ্নিশে বাজিবলৈ ধৰিলে। মই তেখেতৰ পৰা দুখন এখনকৈ কিতাপ আনি পঢ়িবলৈ ধৰিছো। দিনত পঢ়োঁ, ৰাতি কথা পাতোঁ। এনে জীৱনত তীব্ৰ মাদকতা নাই, সৌন্দৰ্য্যৰ অনুভূতি আছে। মই খাইছো কি কৰি,–তোমাক জনোৱা উচিত। ইয়াত বহুত পণ্টন আছে,—গুৰ্খালিও আছে, দেশী সৈন্যও আছে। মই নিতৌ এঘণ্টাকৈ সিহঁতক বৰ্ণপৰিচয় আৰু নামতা শিকাওঁ মোৰ খোৱাৰ জোখাৰে পইছা পাওঁ। তুমি চাগৈ মোৰ অৱস্থাটো অলপ পুতৌৰে চাবা? আচলতে তেনে নহয়। যোৰ এই অন্ধকাৰৰ মাজেদি খোজ কঢ়া অৱস্থাতো তোমাৰ ছাঁটো স্পষ্টকৈয়ে দেখো। পৰীক্ষাৰ ফলাফল ওলালে কি কৰা জনাবা। যি ইচ্ছা যায় লিখিবা। আদৰ লবা। ইতি যেন তোমাৰ— প্ৰকাশ १०
পৃষ্ঠা:অলকালৈ চিঠি.pdf/৬৪
অৱয়ব